কলিয়াবৰ জিলা অসম প্ৰিমিয়াৰ ক্লাব লীগ চেম্পিয়নশ্বীপৰ ফাইনেলত আমবাগান স্পৰ্টচ ক্লাব বনাম নিউজ ষ্টাৰ ক্লাব 

cri_kaliabor

কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ সহযোগত কলিয়াবৰ ক্ৰিকেট সন্থাৰ উদ‍্যোগত নাগশঙ্কৰস্থিত ডাঃ টি আও গ্ৰাম‍্য ক্ৰীড়াঙ্গনত অনুষ্ঠিত হৈ থকা জিলা পয‍্যায়ৰ চেম্পিয়নশ্বীপৰ দ্বিতীয়খন ছেমি ফাইনেল খেলত ইউনিক ক্লাবক নিউ ষ্টাৰ ক্লাবে ৩০ ৰাণত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে।

টচত পৰাস্ত হৈ প্ৰথমে বেট ধৰিবলৈ লৈ ৩৫.২ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই অনুপ প্ৰসাদৰ অৰ্ধ শতৰাণৰ সহায়ত ১৮০ ৰাণ কৰিবলৈ সক্ষম হয়। ইউনিক ক্লাবে সমুখত ১৮১ ৰাণৰ লক্ষ‍্য আগত লৈ ৩৮.৩ অভাৰত কেৱল ১৫০ ৰাণহে কৰিবলৈ সক্ষম হয়। নিউ ষ্টাৰ ক্লাবৰ হৈ আকাশ বৰাই চাৰিটা উইকেট দখল কৰি দলৰ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা লয়। কাইলৈ ফাইনেল খেলখন নিউ ষ্টাৰ আৰু আমবাগান স্পৰ্টচ ক্লাবৰ মাজত অনুষ্ঠিত হ'ব। 

Your Comments