দৰঙত ৬৫৮২টা আৱাস যোজনা গৃহৰ ২৫৫৫টা গৃহ‌ই আধৰুৱা  

ৰৰৰ

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোনৰ আঁচনি  প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা নামৰ আঁচনিখন দৰং জিলাত ধোৱাচাঙত উঠাৰ সম্ভাৱনা পৰিষ্ফুত হৈ পৰিছে । অৱশ্যে দৰং জিলা গ্ৰাম্য অভিকৰনৰ প্ৰকল্প সঞ্চালক গোলাম মহম্মদ মোক্তাদিৰে ২০১৭--১৮ বৰ্ষৰ বাবে  কেন্দ্ৰীয় চৰকাৰে আৱন্টন দিয়া মুঠ ৬৫৮২টা আৱাস যোজনাৰ গৃহৰ ভিতৰত ২৫৫৫ টা গৃহ‌ই অদ্যাপি হৈ আছে আধৰুৱা ।  তথ্য অনুসৰি প্ৰায় ডেৰ বছৰেও সম্পূৰ্ণ নোহোৱা এই আৱাস গৃহসমূহ শীঘ্ৰ সম্পূৰ্ণ কৰি তুলিবলৈ প্ৰকল্প সঞ্চালকগৰাকীয়ে মাৰাথন তৎপৰতা চলোৱাৰ পিছতো আধৰুৱা গৃহসমূহ আজিকোপতি সম্পূৰ্ণ হৈ নুঠাত এনে গৃহ লাভৰ পৰা জিলাখন বঞ্চিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।

জানিব পৰা মতে জিলাখনৰ ছিপাঝাৰ উন্নয়ন খণ্ডত ১৫৮৯টা গৃহ আৱন্টন হৈছে যদিও এই পৰ্যন্ত সম্পূৰ্ণ হৈছে  ৯৪০টাহে আৱাস গৃহ । তেনেদৰে পশ্চিম মঙলদৈ উন্নয়ন খণ্ডত  ১৩১২টা গৃহৰ ভিতৰত  ৭০৩টা, পূৱ মঙলদৈ উন্নয়ন খণ্ডত ১২০৯টা গৃহৰ ৪৫৭টা গৃহ, কলাইগাঁও উন্নয়ন খণ্ডত ৫৩৩ টা গৃহৰ ৪৪৫টা,  বেছিমাৰী উন্নয়ন খণ্ডত  ৭৬৪টা গৃহৰ ৫২৫টা আৰু দলগাঁও  শিয়ালমাৰী উন্নয়ন খণ্ডত  মুঠ ১১৭৫টা আৱাস গৃহৰ মাএ ৮৫৭টা আৱাস গৃহহে  এই পয্যন্ত সম্পূৰ্ণ হয় ।  

একমাত্ৰ  উপায়ুক্ত আৰু প্ৰকল্প সঞ্চালকে সংশ্লিষ্ট বিডিঅ তথা কৰ্মচাৰীসকলক নাকী লগাব নোৱাৰা বাবেই এনেদৰে মাহৰ পিছত মাহধৰি আধৰুৱা হৈয়ে গৈ আছে প্ৰধান মন্ত্ৰীৰ আৱাস যোজনাৰ ডেৰলাখ টকীয়া সপোনৰ গৃহ ।

Your Comments