প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে হৃদয় উজাৰি অসমৰ কাম কৰিছে : সৰ্বানন্দ সোণোৱাল

nagaon

"প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত দেশত আমূল পৰিৱৰ্তন হৈছে। আজি সমগ্ৰ ভাৰতবাসীয়ে নৰেন্দ্ৰ মোডীৰ বলিষ্ঠ পদক্ষেপৰ বাবেই উন্নয়নৰ দৃশ্য পথ সলনি হোৱা প্ৰত্যক্ষ কৰিছে।"- এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। আজি নগাঁও চহৰৰ নেহৰুবালিত কেন্দ্ৰীয় চৰকাৰৰ "অমৰুট" আঁচনিৰ অধীনত নগাঁও চহৰত বিশুদ্ধ খোৱা পানী যোগান প্ৰকল্প, চহৰখনৰ প্ৰণৱ বৰুৱা শিশু উদ্যান, সাৰদাকান্ত বৰদলৈ উদ্যান, মহেন্দ্ৰ নাথ মৈহেংদাং ডেকাফুকন উদ্যানৰ উন্নয়নমূলক কামৰ লগতে এলইডি হাইমাষ্ট লাইটৰ শুভাৰম্ভ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সোণোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰশংসা কৰি কয়, এইগৰাকী প্ৰধানমন্ত্ৰীৰ সততা, নিষ্ঠা আৰু দৃঢ়তাৰ বাবেই আজি দেশৰ জনসাধাৰণে চৰকাৰৰ পৰা ন্যায় পাবলৈ সক্ষম হৈছে। জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোকৰ অৰ্থনৈতিক অৱস্থা উন্নত হৈছে।

দেশে আজি বৈপ্লবিক পৰিৱৰ্তন লাভ কৰিবলৈ সক্ষম হৈছে। কংগ্ৰেছ দলক কঠোৰ সমালোচনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় - কংগ্ৰেছে অনাহকত ভিত্তিহীন অভিযোগ আনি বিজেপি চৰকাৰৰ বিৰুদ্ধে অপপ্ৰচাৰত লিপ্ত হৈছে। কিন্ত ৰাইজে কংগ্ৰেছৰ কথা নুশুনে। কংগ্ৰেছৰ শাসন কালত দেশৰ কৃষক, শ্ৰমিক সৰ্বসাধাৰণ ৰাইজৰ উন্নয়নৰ ক্ষেত্ৰত একোৱেই নহ'ল। এতিয়া মোডীৰ নেতৃত্বত দেশৰ কৃষক, শ্ৰমিক, দৰিদ্ৰ জনসাধাৰণে উন্নয়নৰ মুখ দেখিবলৈ সক্ষম হৈছে।

ভাষত প্ৰসঙ্গত মূখ্যমন্ত্ৰীগৰাকীয়ে নগাঁও চহৰৰ কথা উল্লেখ কৰি কয়- নগাঁও এখন ঐতিহাসিক চহৰ। অসমৰ জাতীয় জীৱনৰ বাবে অতি গুৰুত্বপূৰ্ণ চহৰ। বিভিন্ন জাতি-জনগোষ্ঠী, ভাষা-ভাষীৰ লোকে সমিলমিলেৰে বসবাস কৰি নগাঁৱে এক দৃষ্টান্তমূলক বিৰল চানেকী দাঙি ধৰিছে। এই চহৰৰ দাঁতিতেই গুৰুজনাৰ পৱিত্ৰ জন্মস্থান। এইটো এটা সাধাৰণ অঞ্চল নহয়।  অসমৰ জাতীয় জীৱনত বিভিন্ন জনগোষ্ঠীৰ লোকসকলৰ সমন্বয়ৰে কেনেকৈ বৰ অসম নিৰ্মাণ কৰিব পাৰি; তাৰ নিদৰ্শন যুগে যুগে নগাঁৱে দাঙি ধৰিছে। নগাঁওবাসীক উদ্দেশ্য কৰি মূখ্যমন্ত্ৰীয়ে পুণৰ কয়-আপোনালোক সকলোকে নগাঁও চহৰক জাকত-জিলিকা চহৰ হিচাপে বিচাৰে।

যাতে যিকোনো পৰ্যটকে নগাঁৱৰ ৰূপ দেখিলে অভিভূত হয়। তেওঁ লগতে কয়, 'অমৰুট' আঁচনিৰ অধীনত নগাঁৱৰ লগতে গুৱাহাটী, ডিব্ৰুগড়, শিলচৰত ৬৫০ কোটি টকা ব্যয়ৰে বিশুদ্ধ পানী যোগান প্ৰকল্প আৰু চহৰ সৌন্দৰ্য বৰ্ধনৰ কাম আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। নগাঁৱলৈ আহিলে ভাল লাগে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়- নগাঁৱৰ সমাজ জীৱনৰ ইতিবাচক চিন্তাই আমাৰ জনপ্ৰতিনিধিসকলক কাম কৰিবলৈ মনোবল যোগায়। সেয়ে শক্তি পাবলৈ হ'লে সকলোৱে নগাঁৱলৈ অহা উচিত। ভাষণ প্ৰসংগত তেওঁ কয় - মই ব্যক্তিগতভাৱে গুৰু ভক্তি কৰোঁ।

সেই বাবেই গুৰুজনাৰ জন্মস্থানলৈ আহিলে মোৰ এনেভাৱ হয় যেন গুৰুজনাৰ কৃপা দৃষ্টি মোৰ ওপৰত পৰিছে। এসময়ত নিজে এজন ছাত্ৰ নেতা আছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় - সেই সময়ত অসমৰ ৰাইজৰ বিভিন্ন সমস্যা সমাধান কৰিবৰ বাবে চৰকাৰৰ ওপৰত দাবী উত্থাপন কৰি আবেদন-নিবেদন কৰিছিলোঁ। কিন্ত  কাম বিলাক হৈ নুঠিল। পণ্ডিত নেহেৰুৰ পৰা আৰম্ভ কৰি ডঃ মনমোহন সিঙলৈকে বহু কেইজন প্ৰধানমন্ত্ৰী হ'ল । তেওঁলোকৰ দিনত বিকাশ নহ'ল। প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ কথা উল্লেখ কৰি তেওঁ কয় -বাজপেয়ীয়ে অনুভৱ কৰিছিল যাতায়ত ব্যৱস্থা উন্নত নহলে আৰু দেশৰ ১৩০ কোটি মানুহৰ ভিতৰত গাঁৱত বাসকৰা ৯০ কোটি মানুহক আগুৱাই আনিব নোৱাৰিলে ভাৰতবৰ্ষ শক্তিশালী হব নোৱাৰে।

এতিয়া মোডীয়ে সেই দৃষ্টিভংগীৰে ভাৰতবৰ্ষক আগুৱাই নি এখন শক্তিশালী ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। দেশৰ শেহতীয়া পৰিস্থিতিৰ কথা উল্লেখ কৰি কয় - প্ৰধানমন্ত্ৰী মোডীৰ বাবেই আজি অসমত উন্নয়ন আৰু বিকাশৰ গতি ত্বৰান্বিত হৈছে। অসমৰ বাবে তেওঁ হৃদয় উজাৰি কাম কৰিছে। বৰ্তমানৰ ৰাজ্য চৰকাৰ কামকাজৰ উল্লেখ কৰি তেওঁ কয় - অসমত ২৬ হাজাৰ গাওঁ, ১৫ শ চাহ বাগিচা, চৰ অঞ্চল, বৰাক-ব্ৰহ্মপুত্ৰ সকলোতে আমি উন্নয়নৰ কামকাজ অব্যাহত ৰাখিছোঁ।

১০ হাজাৰ কিলোমিটাৰ পথ আমি পকীকৰণৰ ব্যৱস্থা কৰা হৈছে। অসমৰ বৰ্তমানৰ চৰকাৰৰ নেতৃত্বত ৰাজ্যখনত আমোল পৰিৱৰ্তন কথা উল্লেখ কৰি তেওঁ কয় অসম এতিয়া পিছ পৰি থকা নাই। এই অনুষ্ঠানত কেন্দ্ৰীয় ৰে'ল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁইয়ে কয়, দেশে স্বাধীনতা লাভ কৰাৰ ৭০ বছৰৰ অধিক কাল হ'ল।

ইয়াৰে অধিকাৰ সময় কংগ্ৰেছে শাসন চলালে। কিন্তু কংগ্ৰেছৰ দিনত দেশৰ কোনো উন্নয়ন নহ'ল। ইয়াৰ বিপৰীতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পাঁচ বছৰীয়া শাসনকালত প্ৰায়বোৰ সমস্যাই সমাধান হোৱাৰ দিশত আগবাঢ়িছে। এতিয়া চেণ্ডেল পিন্ধা মানুহেও প্লেইনত আহযাহ কৰাৰ সুবিধা লাভ কৰিছে বুলি গোহাঁইয়ে তেওঁৰ চমু ভাষণত মন্তব্য কৰে। জিলা উপায়ুক্ত যাদৱ শ‌ইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত স্থানীয় বিধায়ক ৰূপাক শৰ্মাই আদৰণি ভাষণ প্ৰদান কৰি কয়, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ মাত্ৰ আঢ়ৈ বছৰীয়া শাসনকালত প্ৰতিটো ক্ষেত্ৰতে উন্নয়ন হৈছে।

এই ক্ষেত্ৰত নগাঁও জিলাও পিছপৰি থকা নাই। দৰিদ্ৰ ৰাইজে আজিৰে পৰা এক টকা মুল্যত চাউল লাভ কৰিব বুলিও বিধায়কগৰাকীয়ে মন্তব্য কৰে। ৰাজ্য চৰকাৰৰ নগৰ উন্নয়ন বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী পিয়ুষ হাজৰিকাই কয়, নগাঁও চহৰৰ উন্নয়নৰ বাবে ইতিমধ্যে তেওঁৰ বিভাগে যথেষ্ট গুৰুত্ব দিছে। তেওঁ অহা ছয়মাহৰ ভিতৰত চহৰখনৰ বাট পথৰ উন্নয়নৰ বাবে অতিৰিক্ত ৭ কোটি টকা মোকলাই দিয়াৰ কথাও ভাষণ প্ৰসংগত ঘোষণা কৰে।

কেইবা সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰা এই সভাত বোকাজানৰ বিধায়ক ডাঃ নোমল মমিন, বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকা, নগৰ উন্নয়ন বিভাগৰ আয়ুক্ত সচিব ডাঃ এচ মিনাক্ষী সুন্দৰম, যুটীয়া সচিব নিচান আহমেদ, আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধি, নগাঁৱৰ পৌৰপতি দিগন্ত দাস, উপ-সভাপতি মৃণালিনী ৰায় আদিকে ধৰি বহু কেইগৰাকী বিষয়া-কৰ্মচাৰী উপস্থিত থাকে। ইপিনে, সভাৰ অন্তত মুখ্যমন্ত্ৰী সোণোৱালে সংবাদ মাধ্যমৰ আগত বায়ু সেনাৰ বিষয়া অভিনন্দন বৰ্দ্ধমানক প্ৰশংসা কৰি কয় যে যেতিয়া দেশৰ নেতা শক্তিশালী হয়, তেতিয়া সৈন্য সকলেও দৃঢ়তাৰে যুঁজিবলৈ সক্ষম হয় ।

অভিনন্দন ইয়াৰ এটা অন্যতম উদাহৰণ । শত্ৰু শিবিৰত থাকিও অভিনন্দনে যি মাতৃভক্তি প্ৰদৰ্শন কৰিলে তাৰ বাবে তেওঁক কৃতজ্ঞতা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইপিনে, উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা চলি থকাৰ সময়তে নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ নিচেই সমীপৰ নেহেৰুৱালিত যোৱা ২৭ ফেব্ৰুৱাৰীত বিজেপি দলে দলীয় সভা অনুষ্ঠিত কৰি তীব্ৰ ভৎসনাৰ সন্মুখীন হোৱাৰ পাছত আজি পুনৰ এই চৰকাৰী সভাৰ আয়োজন কৰি বিয়লি পৰীক্ষাৰ বাবে খৰধৰকৈ সভাৰ সামৰণি মাৰিব লগা হয় ।

তাৎপৰ্যপূৰ্ণ বিষয় যে, যোৱা ২৭ ফেব্ৰুৱাৰীত নেহেৰুৱালিত বিজেপিয়ে নেহেৰুৱালিত অনুষ্ঠিত কৰা সাংগঠনিক সভাৰ সমান্তৰালকৈ সভাৰ নিচেই কাষৰ নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত চলি আছিল উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা। যাক কেন্দ্ৰ কৰি পৰীক্ষাৰ্থী, অভিভাৱক, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে বৌদ্ধিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। আজি সেয়ে বিয়লি ১.৩০ বজাত পৰীক্ষা আৰম্ভ হোৱাৰ আগে আগে সভা সামৰণি মাৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি কেন্দ্ৰীয় ৰে'ল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁইয়ে ভাষণৰ মাজতে বাৰম্বাৰ উল্লেখ কৰে আৰু বিয়লি পৰীক্ষা আৰম্ভ হোৱাৰ আগতে সভাৰ সামৰণি পেলায়।

 

Your Comments