নগাঁৱত অনুজ্ঞাপত্ৰ-ফাৰ্মাচিষ্ট অবিহনে চলিছে কেইবাশ ঔষধ বিপনী : চকু মুদা কুলিৰ ভাওত জিলা ঔষধ পৰিদৰ্শক

medicine

অবিভক্ত নগাঁও জিলাত অনুজ্ঞাপত্ৰ আৰু ফাৰ্মাচিষ্ট অবিহনেই কেইবাশ ফাৰ্মাচী চলাই থকাৰ অভিযোগ উঠিছে। সমান্তৰালভাৱে একাংশ ফাৰ্মাচিষ্টৰ অনুজ্ঞাপত্ৰ ভাড়ালৈ লৈ ফাৰ্মাচিষ্ট অবিহনেই অনভিজ্ঞ, অৰ্ধশিক্ষিত একাংশ লোকৰ দ্বাৰাই ঔষধৰ ব্যৱসায় চলাই থকা, ফাৰ্মাচীৰ স্বত্বাধীকাৰী আৰু ঔষধ পৰিদৰ্শকৰ গোপন বুজাবুজি থকা আদি বিভিন্ন গুৰুতৰ অভিযোগ উত্থাপন কৰি আজি নগাঁৱৰ আৰ টি আই কৰ্মী আব্দুল জলিল আকন্দে স্বাস্থ্য বিভাগৰ সঞ্চালকলৈ এক অভিযোগপত্ৰ প্ৰেৰণ কৰাৰ লগতে নগাঁও জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালককো এখন অভিযোগ পত্ৰ দাখিল কৰিছে। 

উল্লেখ্য, অবিভক্ত নগাঁও জিলাৰ বিভিন্ন অঞ্চলত বিভাগীয় অনুজ্ঞাপত্ৰ, অসম ফাৰ্মাচী কাউঞ্চিলৰ পঞ্জীয়নভূক্ত ফাৰ্মাচিষ্ট আৰু পঞ্জীয়ন অবিহনেই চলাই থকা হৈছে শ শ ফাৰ্মাচী। জিলাখনৰ গ্ৰামাঞ্চল আৰু আন সৰু-সৰু চহৰৰ কথাটো বাদেই নগাঁও চহৰতেই বিভাগীয় অনুজ্ঞাপত্ৰ অবিহনে চলি আছে  শতাধিক ফাৰ্মাচী। নগাঁও জিলা স্বাস্থ্য বিভাগৰ একাংশ বিষয়াৰ লগতে জিলা ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়ৰ বিষয়া আৰু একাংশ ঔষধ পৰিদৰ্শকক মেনেজ কৰি এই ঔষধ ব্যৱসায়ীসকলে বিভাগীয় অনুজ্ঞাপত্ৰ অবিহনে ফাৰ্মাচীসমূহ চলাই থকা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

ইতিমধ্যে এই সন্দৰ্ভত একাংশ সংবাদ পত্ৰত বা-বাতৰি প্ৰকাশ হৈছিল যদিও সংশ্লিষ্ট কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। ইপিনে, জিলা ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়ৰ তথ্যত প্ৰকাশ পোৱা অনুসৰি অবিভক্ত নগাঁও জিলাত বিভাগীয় অনুজ্ঞাপত্ৰ আৰু পঞ্জীয়ন থকা মুঠ ফাৰ্মাচীৰ সংখ্যা সৰ্বমুঠ  ৬০৪ খন। কিন্তু বাস্তৱ ক্ষেত্ৰত অবিভক্ত নগাঁও জিলাত থকা বিভিন্ন ধৰণৰ ফাৰ্মাচীৰ সংখ্যা এহেজাৰখনৰো অধিক।

mm

আনহাতে, ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়ৰ নথিত যি ৬০৪ খন অনুজ্ঞাপত্ৰ থকা ফাৰ্মাচীৰ কথা উল্লেখ থকাৰ তথ্য প্ৰকাশ কৰা হৈছে, তাৰ ভিতৰৰ ১০৫ খন ফাৰ্মাচীৰে বিগত বৰ্ষৰ ৬ অক্টোবৰ পৰ্যন্ত কোনো ধৰণৰ পঞ্জীয়ন নম্বৰেই নাছিল । ঠিক একেদৰে, নগৰ জিলা ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়ৰ তথ্য অনুসৰি নগাঁও চহৰত মুঠ পঞ্জীভূক্ত অৰ্থাৎ বিভাগীয় অনুজ্ঞাপত্ৰ থকা ফাৰ্মাচীৰ সংখ্যা মাত্ৰ ১৯৩খন।যিটো সত্য নহয়।

কিয়নো নগাঁও চহৰত আজিৰ তাৰিখত বিভিন্ন ধৰণৰ ফাৰ্মাচীৰ সংখ্যা তিনিশৰো অধিক। নগাঁও ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়ৰ তথ্যৰ পৰাই নগাঁও চহৰত যে বিভাগীয় অনুজ্ঞাপত্ৰ অবিহনে শতাধিক ফাৰ্মাচী চলাই থকা হৈছে সেইটো পৰিস্কাৰ হৈ পৰিছে।স্বাস্থ্য বিভাগৰ নিৰ্দেশনা অনুসৰি, বিভাগীয় পঞ্জীভূক্ত প্ৰতিখন অনুজ্ঞাপত্ৰ থকা ফাৰ্মাচীতে অসম ফাৰ্মাচী কাউঞ্চিলৰ ডিগ্ৰী-ডিপ্লোমাধাৰী একোজন ফাৰ্মিচিষ্ট নিযুক্তি দিয়াটো বাধ্যতামূলক।

কিন্ত নগাঁও জিলাৰ ঔষধ ব্যৱসায়ীসকলে নিজা ফাৰ্মাচীসমূহত কাগজে-কলমেহে তেনে ফাৰ্মাচিষ্ট নিযুক্তি দি থৈছে। জিলাখনৰ ৯৫ শতাংশ ফাৰ্মাচীতেই তেওঁলোকে বিভাগীয় নথিত নিযুক্তি দিয়া বুলি উল্লেখ কৰা ফাৰ্মাচিষ্টৰ কোনো অস্তিত্ব বিচাৰি পাবলৈ নাই। জানিব পৰা মতে, ফাৰ্মাচীৰ স্বত্বাধীকাৰীসকলে একাংশ ফাৰ্মাচিষ্টক নিজা ফাৰ্মাচীত নিযুক্তি দিয়া দেখুৱাই ব্যৱসায় চলাই থকাৰ বাবদ সেই ফাৰ্মাচিষ্টসকলক প্ৰতিমাহে ২৫-৩০হেজাৰকৈ টকা দিব লাগে।

মুঠতে একাংশ ফাৰ্মাচিষ্টৰ অনুজ্ঞাপত্ৰ ভাড়াত লৈহে ঔষধ ব্যৱসায়ীসকলে ফাৰ্মাচীসমূহ চলাই থকাৰ অভিযোগ উঠিছে। অৱশ্যে এই জালিয়াতিৰ কথা নগাঁও জিলা প্ৰশাসন, নগাঁও স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক আৰু জিলা ঔষধ পৰিদৰ্শকৰো জ্ঞাত। তৎস্বত্বেও বিভাগীয় কৰ্তৃপক্ষ‌ই দেখিও চকুমুদা কুলিৰ ভাও ধৰি আহিছে।

ইফালে,একাংশ ফাৰ্মাচীত ভুৱা ডিপ্লোমাধাৰী ফাৰ্মাচিষ্ট নিযুক্তি দি ঔষধৰ ব্যৱসায় চলাই থকাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে। প্ৰতিখন ফাৰ্মাচীতে প্ৰতিদিনে ঔষধ বিক্ৰীৰ সময়ত ব্যৱস্থাপত্ৰ চাই দৰব- পাতি দিবলৈ ফাৰ্মাচিষ্টজন উপস্থিত থকাতো অত্যন্ত জৰুৰী যদিও ৯৫ শতাংশতকৈয়ো অধিক ফাৰ্মাচীতেই কাগজে-পত্ৰই নিযুক্তি দি থোৱা ফাৰ্মাচিষ্টৰ ছাঁটোকে দেখিবলৈ পোৱা নাযায়।

ফলত কেতবোৰ অনভিজ্ঞ, অৰ্ধশিক্ষিত, চিকিৎসা বিজ্ঞানৰ ন্যূনতমো জ্ঞান নথকা একাংশ যুৱকেই ফাৰ্মাচীসমূহত ঔষধ বিক্ৰী কৰি থকা পৰিলক্ষিত হৈছে। আনহাতে, জিলাখনৰ একাংশ ফাৰ্মাচীত বিভিন্ন চৰকাৰী চিকিৎসালয়ত কৰ্মৰত ফাৰ্মাচিষ্টকেই নীতিবৰ্হিভূতভাৱে নিযুক্তি দি ঔষধৰ বেহা চলাই থকাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ 

Your Comments