কেন্দ্ৰীয় বিদ্যালয় নগাঁৱত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদ্‌যাপন

nagaon

আজি সমগ্ৰ দেশৰ লগতে কেন্দ্ৰীয় বিদ্যালয় নগাঁৱতো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসটি উদযাপন কৰা হয়। বিদ্যালয়খনত অনুষ্ঠিত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় বিদ্যালয়খনৰ অধ্যক্ষ সঞ্জয় সৰকাৰে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে চি ভি ৰমনৰ "ৰমন ইফেক্ট" আবিস্কাৰৰ আঁৰৰ কাহিনীৰ ওপৰতো আলোকপাত কৰে। অনুষ্ঠানত বিদ্যালয়খনৰ উপাধ্যক্ষ ৰভিন্দ্ৰ কুমাৰ আৰু বিজ্ঞান বিভাগৰ বিষয় শিক্ষক (পি জি টি) চালু কাপুৰে বিজ্ঞান দিৱসৰ ওপৰত সংগতি ৰাখি ভাষণ প্ৰদান কৰে।

আনহাতে, বিদ্যালয়ৰ বিজ্ঞান বিভাগৰ স্নাতক শিক্ষয়িত্ৰী পুষ্পা সৰকাৰৰ তত্বাৱধানত বিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলৰ দ্বাৰা "ভাৰ্মি কম্পস্তিং এণ্ড ইউজেছ অফ ডাষ্টবিন" শীৰ্ষক এখন ছুটি নাটকো প্ৰদৰ্শন কৰা হয়। আনহাতে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ কাৰ্যসূচীত বিজ্ঞান বিষয়ক এক কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়। এই কুইজ প্ৰতিযোগিতাখনি পৰিচালনা কৰে বিদ্যালয়ৰ আন এগৰাকী পদাৰ্থ বিজ্ঞান বিভাগৰ পি জি টি নভজোৎ কৌৰে। তেওঁক সহযোগিতা আগবঢ়ায় ইংৰাজী বিষয়ৰ স্নাতক শিক্ষয়িত্ৰী দেৱাশ্ৰী মুখাৰ্জীয়ে।

Your Comments

Related Articles