মৰণফান্দত পৰিণত ঐতিহাসিক নেফা আলি

মৰণফান্দত পৰিণত ঐতিহাসিক নেফা আলি

চৰাইদেউ জিলাৰ সদাব্যস্ত পথ ঐতিহাসিক নেফা আলি । সম্প্ৰতি উক্ত পথটোৰ কদৰ্য ৰূপে জনসাধাৰণক যাতায়াতৰ ক্ষেত্ৰত গভীৰ সমস্যাত পেলাইছে । তথাপিও কাণসাৰ নাই গড়কাপ্তানি বিভাগ অথবা জনপ্ৰতিনিধিৰ ।

মৰণফান্দত পৰিণত ঐতিহাসিক নেফা আলি

জিলাখনৰ সোণাৰি সমষ্টিৰ অন্তৰ্গত নেফা আলিটো পূৰ্বৰ শাসনাধিষ্ঠিত চৰকাৰৰ জনপ্ৰতিনিধিগৰাকীৰ কাৰ্যকালতো পুনৰ নিৰ্মাণৰ কোনো কাম হাতত লোৱা পৰিলক্ষিত নহ'ল । ইফালে বৰ্তমানৰ শাসনাধিষ্ঠিত চৰকাৰৰ সোণাৰি সমষ্টিৰ বিধায়ক তথা গড়কাপ্তানি বিভাগৰ ৰাজ্যিক মন্ত্ৰী তপন কুমাৰ গগৈয়ে নিৰ্বাচনৰ প্ৰাক্-মুহূৰ্তত পথটো পুনৰ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও বৰ্তমান কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ।

যাৰফলত পথটোত ঠায়ে ঠায়ে পুখুৰীসদৃশ গাঁত সৃষ্টিৰ হোৱাৰ লগতে পকী কালভাৰ্ট ভাগি মৰণফান্দৰ সৃষ্টি কৰিছে । অসম-অৰুণাচল সীমান্তৱৰ্তী সাত কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো শীঘ্ৰে মেৰামতি কৰিবৰ বাবে বিভাগীয় কৰ্তৃপক্ষ তথা মন্ত্ৰী তপন কুমাৰ গগৈক ৰাইজে দাবী জনাইছে ।

Your Comments