হেলেমত অবৈধ চুলাইৰ বিৰুদ্ধে মহিলাৰ অভিযান 

gohpur_halam

গোলাঘাট আৰু তিতাবৰত চুলাই সেৱন কৰি ইতিমধ্যে ডেৰ শতাধিক লোকে মৃত্যুক আঁকোৱালি লৈছে যদিও গহপুৰৰ বিভিন্ন অঞ্চলত অবৈধ সুৰাৰ ৰমৰমীয়া বেহা অব্যাহত আছে। আবকাৰী বিভাগৰ নিৰ্লিপ্ত ভূমিকাত অতিষ্ঠ হৈ  গহপুৰৰ হেলেমত মহিলাসকলে নিজেই আগভাগ লৈ  অবৈধ চুলাইৰ বিৰুদ্ধে অভিযান চলায়। মহিলাসকলে  অভিযানকালত বহু পৰিমাণৰ চুলাই নষ্ট কৰে আৰু কেইবাটাও ঘাটী ধ্বংস কৰে। 
কিন্তু  চুলাই ঘাটীৰ গৰাকীসকল পলাই যাবলৈ সক্ষম হয়। অভিযানকালত মহিলাসকলে আবকাৰী বিভাগৰ ভূমিকাত অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে অবৈধ চুলাই ঘাটি উচ্ছেদ কৰক, অবৈধ চুলাই ঘাটিৰ মালিকক গ্ৰেপ্তাৰ কৰক আদি শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে। হেলেম বাগানৰ এই মহিলাসকলৰ চুলাইবিৰোধী অভিযানত সহযোগ কৰে 'আটছা', 'আছা' আৰু চাহ মজদুৰ সংঘই ।

Your Comments