প্ৰহসনত পৰিণত টীয়কহাবি পানীযোগান আঁচনি

প্ৰহসনত পৰিণত টীয়কহাবি পানীযোগান আঁচনি

অসম চৰকাৰৰ জনস্বাস্হ্য কাৰিকৰী বিভাগৰ চৰাইদেউ জিলাৰ সোণাৰি উপ-সংমণ্ডলৰ অধীনৰ টীয়কহাবি পানীযোগান আঁচনি সম্প্ৰতি প্ৰহসনত পৰিণত হৈছে । ২০১২ চনতে স্হাপন কৰা আঁচনিখন আজিকোপতি উদ্বোধন নকৰিলে বিভাগীয় কৰ্তৃপক্ষই । টীয়কহাবি গাঁৱৰ হেমন্ত বসুমতাৰীৰ মাটিত স্হাপন কৰা আঁচনিখনৰ কাম যুদ্ধকালীনভাৱে হৈছিল । আঁচনিখনৰ পানীটেংকী, ফিল্টাৰ, মটৰঘৰ আৰু প্ৰায় তিনি বৰ্গকিলোমিটাৰ সামৰি পানী যোগানৰ পাইপ আৰু টেপসমূহ স্হাপন কৰিছিল যদিও উক্ত সামগ্ৰীসমূহ নিশ্চিহ্ন হ'বলৈ ধৰিছে । ইফালে আঁচনিখনৰ চাৰিবেৰ হাবি-জংঘলেৰে আৱৰি ধৰাৰ লগতে বিদ্যুতৰ সামগ্ৰীসমূহো নষ্ট হোৱা পৰিলক্ষিত হৈছে । স্থানীয় ৰাইজ তথা এবছুৰ বেঙেনাবাৰী সমিতিয়ে অসম চৰকাৰৰ জনস্বাস্হ্য কাৰিকৰী বিভাগৰ সংশ্লিষ্ট বিষয়াক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পাছতো ৰাইজৰ স্বাৰ্থত আঁচনিখন মুকলি নকৰিলে বুলি ৰাইজে জানিবলৈ দিয়ে ।

Your Comments