হোজাইত অবৈধ সুৰাৰ বিৰুদ্ধে কঠোৰ জিলা প্ৰশাসন : ৩৩০ লিটাৰ সুৰা বিনষ্ট

logo-hojai

ডবকাৰ পৰা জমিৰ উদ্দিন তালুকদাৰ

উজনি অসমৰ কেবা ঠাইত চুলাই মদ সেৱণ কৰি ডেৰ শতাধিক লোকৰ অকাল মৃত্যুৰ ঘটনাই সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়ত সুৰাৰ বিৰুদ্ধে কঠোৰ অৱস্থান গ্ৰহণ কৰিছে হোজাই জিলা উপায়ুক্তই ৷ হোজাই জিলাৰ নৱনিযুক্ত উপাযুক্ত তন্ময় প্ৰতীম বৰগোঁহাইৰ নিৰ্দেশত হোজাই আৱকাৰী বিভাগৰ কেবাটাও গোটে যোৱা দুদিনত সমগ্ৰ জিলাখনত অবৈধ সুৰাৰ বিৰুদ্ধে তীব্ৰ অভিযান চলায় ৷

আৱকাৰী বিভাগে জিলাখনৰ লামডিং আৱকাৰী চক্ৰৰ অধীনত নদীৰপাৰ, খংগুৰ বজাৰ, ৰে'লৱে গেট, কেলকম চিমেন্ট ফেক্টৰীৰ চৌপাশ, হংকং মাৰ্কেট, পিয়লি বজাৰ, হোজাই আৱকাৰী চক্ৰৰ অধীনত ক্ৰমে লালপট্টি, গোবিন্দপুৰ, নন্দপুৰ, ৰামপুৰ, শিলিগুৰি বস্তি, ৰাধানগৰ, যোগীজান বজাৰ আদি এলেকাত অভিযান চলায় ৷

এই অভিযান কালত আৱকাৰী বিভাগে ৩৩০ লিটাৰ অবৈধ সুৰা জব্দ কৰি বিনষ্ট কৰি পেলোৱাৰ লগতে ১৬ জন লোকৰ বিৰুদ্ধে আৱকাৰী আইনৰ অধীনত গোচৰ ৰুজু কৰা হয় ৷ হোজাই জিলাত অবৈধ সুৰা ক্ৰয় আৰু বিক্ৰয়ৰ ওপৰত কাঢ়া নজৰ ৰাখিবলৈ আৱকাৰী বিভাগক কঠোৰ নিৰ্দেশ দিয়ে হোজাই জিলা উপায়ুক্ত তন্ময় বৰগোঁহাইয়ে ৷

 

Your Comments