নগাঁও জিলা সমাজ কল্যাণ বিভাগৰ পাখিমৰীয়া শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত ৬ খন অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী-সহায়িকা পদৰ নিযুক্তিৰ বাবে প্ৰকাশ কৰা বিজ্ঞাপত ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উঠিছে। প্ৰাপ্ত তথ্য অনুসৰি, পাখিমৰীয়া শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত পূব-মধ্য কুটুলিয়া মাদ্ৰাছা, শুকুটিপুতা ২ নম্বৰ, পালেংতলি গান্ধী বিদ্যাপীঠ, মিলনপুৰ বৈদ্যটুপ আমতলা, জলাহগাঁও কাকতিচুক আৰু তুলসীমুখ নিয়েৰ শিৱ মন্দিৰ এই কেইটা অংগনবাড়ী কেন্দ্ৰত খালী হৈ থকা ছয়জন কৰ্মী-সহায়িকা নিযুক্তিৰ বাবে স্থানীয় প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰছে৷
যোৱা ৮ ফেব্ৰুৱাৰীত শি:উ:প্ৰ:বি:(পিকেএম)৬০/২০১৮-১৯/০২ নম্বৰৰ জাননী যোগে বিজ্ঞাপন প্ৰকাশ কৰিছে। এই বিজ্ঞাপনৰ চাৰি নম্বৰ দফাত কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণ-পত্ৰ গ্ৰাহ্য কৰা নহ'ব বুলি স্পষ্টভাৱে উল্লেখ কৰিছে। কিন্তু আচৰ্যজনক কথাটো এই যে অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে ২০০৯ চনতে এ,এইচ,ই-২২৩/২০০৭/৩৩০ নম্বৰৰ এক জাননী যোগে উল্লেখ কৰিছে যে কৃষ্ণকান্ত মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত লাভ কৰা সকলো ধৰণৰ ডিগ্ৰী, ডিপ্লমা আৰু প্ৰমাণ-পত্ৰ চৰকাৰী চাকৰিৰ ক্ষেত্ৰত গ্ৰহণযোগ্য হ'ব।
তদুপৰি, অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ অধ্যয়ন কেন্দ্ৰসমূহত ইতিমধ্যে ডিএলএড প্ৰশিক্ষণ চলাই থকা হৈছে। তেনে ক্ষেত্ৰত কাৰ নিৰ্দেশনাৰ ভিত্তিত শিক্ষা বিভাগৰ নীতি-নিয়ম উলংঘা কৰি পাখিমৰীয়া শিশু উন্নয়ন প্ৰকল্প বিষয়াই এই বিশ্ববিদ্যালয়ৰ অধীনত লাভ কৰা শিক্ষাগত অৰ্হতাৰ প্ৰমাণ-পত্ৰ গ্ৰহণ যোগ্য নহ'ব বুলি বিজ্ঞাপনত উল্লেখ কৰিছে৷ তাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে তেনে প্ৰমাণ-পত্ৰ থকা প্ৰাৰ্থীসকলক বিপাঙত পেলাইছে।
আনহাতে, উল্লেখিত অংগনবাড়ী কেন্দ্ৰসমূহৰ এলেকাস্থ স্থানীয় যোগ্যতা সম্পন্ন প্ৰাৰ্থীসকলেহে আবেদন কৰিব পাৰিব বুলি উল্লেখ কৰিছে৷ যদিও ৪০ শতাংশ অনুসুচিত জাতি/জনজাতি/চাহ জনজাতিৰ ক্ষেত্ৰত বাহিৰৰ প্ৰাৰ্থীসকলেও আবেদন কৰিব পাৰিব বুলি বিজ্ঞাপনটোত প্ৰকাশ কৰাত স্থানীয় সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
এনে অনিয়ম আৰু খেলেমিলিৰে বিজ্ঞাপন প্ৰকাশ কৰাত ২২ ফেব্ৰুৱাৰীত অনুষ্ঠিত সাক্ষাৎকাত বহু যোগ্যতা থকা প্ৰাৰ্থীয়েও আবেদনৰ পৰা বঞ্চিত হ'ব লগা হৈছে। ইতিমধ্যে এই সন্দৰ্ভত স্থানীয় একাংশ বঞ্চিত প্ৰাৰ্থীয়ে নগাঁও জিলা উপায়ুক্তক এক লিখিত অভিযোগ দাখিল কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। এই ক্ষেত্ৰত জিলা উপায়ুক্তই কি পদক্ষেপ গ্ৰহণ কৰে, সেয়া পৰৱৰ্তী সময়ত লক্ষনীয় হ'ব।
- Log in to post comments
- 35 views