নগাঁৱত দুৰ্ধৰ্ষ ডকাইট গ্ৰেপ্তাৰ 

nagaon_decoite

নগাঁও আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে যোৱা নিশা গোপন সূত্ৰে অভিযান চলাই জিলাখনৰ চামগুৰিৰ গেৰুৱা মুখৰ পৰা এজন দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ডকাইতটো হ'ল জুৱেল ইছলাম। উল্লেখ্য যে, নগাঁও বৰঘাট বাইপাছত ১০ ফেব্ৰুৱাৰীৰ পুৱতি নিশা সংঘটিত ডকাইতি কাণ্ডৰ মূল অভিযুক্ত আছিল জুৱেল ইছলাম ।

সেইদিনা এই ডকাইতিটোৱে গুলীচালনা কৰাত যোৰহাটৰ কেশৱ ৰানা নামৰ এজন লোকৰ মৃত্যু হোৱাৰ লগতে সঞ্জীৱ ছেত্ৰী আৰু কমল ছেত্ৰী নামৰ দুজন লোক গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। এই ঘটনা সন্দৰ্ভত নগাঁও আৰক্ষীয়ে ৩৪৩/২০১৯ নম্বৰৰ এক গোচৰ ৰুজু কৰি ঘটনাটোৰ লগত জড়িতসকলৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছিল।

সেই অভিযানৰ ফলতেই মিছা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হান্নান লস্কৰ সহযোগত নগাঁও আৰক্ষীয়ে ১০ ফেব্ৰুৱাৰীৰ নিশা আমনিৰ মোস্তাফা আহমেদ আৰু হেকমত আলি নামৰ দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল যদিও ঘটনাৰ মূল অভিযুক্ত জুৱেলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাছিল। অৱশেষত আজি চামগুৰিৰ গেৰুৱামুখত জুৱেল আশ্ৰয় লৈ থকাৰ খবৰ গোপন সুত্ৰে লাভ কৰি নগাঁও আৰক্ষীয়ে অভিযান চলাই তেওঁক গ্ৰেপ্তাৰ কৰে ।
 

Your Comments