নাৰায়ণপুৰত বৃহৎ পৰিমাণৰ গাঞ্জাসহ এগৰাকী মহিলা গ্ৰেপ্তাৰ৷ মহিলাগৰাকীৰ নাম লাৱণ্য বণিয়া ভৰালী ৷ নিশা নাৰায়ণপুৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া দীননাথ মিলিৰ নেতৃত্বত ফাকুৱাত গোপন সূত্রৰ পম খেদি চলাইছিল অভিযান ৷দীঘদিন ধৰি অবৈধ গাঞ্জা ব্যৱসায় কৰি অহাৰ অভিযোগৰ ভিত্তিত চলিছিল এই অভিযান ৷ উৰে নিশা মহিলাগৰাকীৰ বাসগৃহৰ বিভিন্ন গোপন স্থানত অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় ৷ মহিলা গৰাকীৰ স্বামী জয়ন্ত ভৰালী এখন অপাদেশিকৃত বিদ্যালয়ৰ শিক্ষক ৷ মহিলা গাঞ্জা ব্যৱসায়ী লাবণ্য বণিয়া ভৰালীক লখিমপুৰ জেললৈ প্ৰেৰণ৷
- Log in to post comments
- 5 views