নগৰবেৰাৰ পৰা আব্দুল ৰছিদ
বৰপেটা জিলাৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত হলংগাপাৰা গাঁৱত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। নিশা দুৰ্বৃত্তই জ্বলাই দিয়ে ৩টা পৰিয়ালৰ বাসগৃহ । গাঁওখনৰ জছিম উদ্দিন, খয়ৰুদ্দিন আৰু আব্দুল হামিদৰ বাসগৃহ নিশা প্ৰায় ১১ বজাত এটা দুৰ্বৃত্তৰ দলে অগ্নিসংযোগ কৰাত তিনিটা পৰিয়ালৰ ১১ টাকৈ গৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয় ।
ভয়ংকৰ অগ্নিকাণ্ডত প্ৰায় ৪০ লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যায়। নিশাৰ এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটোত পৰিয়াল কেইটাৰ প্ৰায় ১২০ মোন ধান, নগদ ধন, গুৰুত্বপূৰ্ণ নথি-পত্ৰৰ লগতে কেইবাটাও পশুধনৰ মৃত্যু হয়। পৰিয়াল কেন্দ্ৰীক সংঘাতৰ বাবেই দুৰ্বৃত্তৰ দলে সংঘটিত কৰে এই জঘন্য কাণ্ড । এই ঘটনাই তীব্ৰ আতংকৰ সৃষ্টি কৰে অঞ্চলটোত । ইতিমধ্যে ভুক্তভোগী পৰিয়ালে কাছুমাৰা আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে।
- Log in to post comments
- 6 views