মৈৰাবাৰীৰ পৰা আবুল কাচেম
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পূণ্যভূমি আলিপুখুৰী পাতেকীবড়ী থানখন সত্ৰলৈ উন্নীত কৰা হৈছে। কিন্তু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সত্ৰখন দৰ্শন কৰিবলৈ অহা ভক্তসকল প্ৰতি বছৰে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে। সত্ৰখনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ব্যৱহাৰ কৰা প্ৰাচীন যুগৰ পুখুৰী আদি আজিও বিদ্যমান।
গুৰুজনাৰ সত্ৰখনৰ বিভিন্ন সমস্যাৰ সমাধান কৰিবলৈ স্হানীয় ৰাইজ আৰু সত্ৰ পৰিচালনা সমিতিয়ে চৰকাৰক বাৰম্বাৰ দাবী জনাই আহিছে যদিও আজিপৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।গুৰুত্বপূৰ্ণ যে মুছলমান বসতিপ্ৰধান এলেকাত অৱস্থিত সত্ৰখন মুছলমান সম্প্ৰদায়ৰ লোকসকলেই ৰক্ষণাবেক্ষণ দি আছে।
- Log in to post comments
- 24 views