অসমত কৃষি যান্ত্ৰিকীকৰণ ব্যৱস্থা গ্ৰহণ সম্পৰ্কত কৰ্মশালা

aziz_economics

অসমত কৃষি যান্ত্ৰিকীকৰণ ব্যৱস্থা গ্ৰহণৰ পলিচী নিৰ্ধাৰণৰ বাবে যোৱা ২২ ফেব্ৰুৱাৰীত গুৱাহাটীৰ হোটেল লিলিত এক কৰ্মশালা অনুষ্ঠিত হয়। বিশ্ববেংকৰ সাহাৰ্য্যপ্ৰাপ্ত এপাৰ্ট (APART)ৰ উদ্যোগত আৰু অসম কৃষি বিশ্ববিদ্যালয় আৰু ইৰি (IRRI) ৰ সহযোগত এই কৰ্মশালাখন অনুষ্ঠিত হয়। এপাৰ্ট-ইৰিৰ প্ৰজেক্ট লীডাৰ তথা দক্ষিণ এছিয়াৰ সমন্বয়ক ডঃ সুধাংশু সিঙে অংশগ্ৰহণকাৰীসকলক উদ্দেশ্যি আদৰণী ভাষণ প্ৰদান কৰাৰ লগতে কৰ্মশালাখন আয়োজনৰ লক্ষ্য-উদ্দেশ্য ব্যাখ্যা কৰে।

তেওঁৰ ভাষণত কৰ্মশালাখনে অসমত কৃষি যান্ত্ৰিকীকৰণত সুবিধা সৃষ্টিৰ লগতে প্ৰত্যক্ষ প্ৰভাৱ পেলোৱাত সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰে। গৱেষণা সঞ্চালক ডঃ এ ভট্টাচাৰ্য উপস্থিত থাকি উন্নত উৎপাদনৰ লগতে ক্ৰমবৰ্ধিত মজদুৰৰ অভাৱ পূৰণৰ বাবে কৃষি যান্ত্ৰিকীকৰণৰ প্ৰয়োজনীয়তা সম্পৰ্কত তেওঁৰ ধাৰণা ব্যক্ত কৰে।

ধানৰ অধিক আৰু উন্নত উৎপাদনৰ বাবে কৃষি খণ্ডত যান্ত্ৰিকীকৰণৰ প্ৰয়োজনীয়তা সন্দৰ্ভত ইৰিৰ দক্ষিণ এছিয়াৰ প্ৰতিনিধি ডঃ নাফিছ মিয়াই বক্তব্য আগবঢ়ায় ।উদ্বোধনী অনুষ্ঠানটি আঁতধৰে  কৃষি বিশ্ববিদ্যালয়ৰ এপাৰ্টৰ নোডেল বিষয়া ডঃ ৰূপম বৰগোঁহায়ে। অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষাৰ সহযোগী সঞ্চালক ডঃ মনোৰঞ্জন নেওগে কৃষি যান্ত্ৰিকীকৰণ উত্তৰণৰ ক্ষেত্ৰত সম্প্ৰসাৰণ ব্যৱস্থা আৰু কে ভি কে সমূহৰ ভূমিকা সম্পৰ্কে ব্যাখ্যা আগবঢ়ায়।

আনহাতে অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি অভিযান্ত্ৰিক বিভাগৰ মুৰব্বী অধ্যাপক ডঃ ভবেশ শৰ্মাই অসমত কৃষি যান্ত্ৰিকীকৰণৰ সুবিধাসমূহ আৰু কৃষি বিশ্ববিদ্যালয়ে উদ্ভাৱন কৰি উলিওৱা যন্ত্ৰসমূহৰ ওপৰত আলোকপাত কৰে। ইৰিৰ কৃষিবিদ, অৰ্থনীতিবিদ ডঃ প্ৰকাশন চি ভি য়ে যান্ত্ৰিকীকৰণৰ বাবে সেৱা কেন্দ্ৰ সৃষ্টিৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহৰ বিষয়ে বক্তব্য আগবঢ়ায়। অসমত উচ্চ উৎপাদন লাভৰ বাবে বৰ্তমান সময়ত নিৰ্বাহক্ষম কৃষিৰ প্ৰয়োজনীয়তাৰ বাবে কৃষি যন্ত্ৰ অধিক ব্যৱহাৰৰ প্ৰয়োজন বুলি তেওঁ উল্লেখ কৰে।

কৃষকসকলে তেওঁলোকৰ পচন্দ অনুযায়ী উপযুক্ত কৃষি সৰঞ্জাম, যন্ত্ৰ আৰু সা-সঁজুলি আদি লাভ কৰিব পৰাকৈ পৰ্যাপ্ত কৰিব লাগিব আৰু যাতে বহনক্ষম মূল্যতে সেইবোৰ কৃষকসকলে লাভ কৰিব পাৰে তাৰো ব্যৱস্থা কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। ইয়াৰ উপৰি অতিৰিক্ত যন্ত্ৰাংশৰ লগতে ইয়াৰ মেৰামতিৰ সুবিধা যাতে সহজে আৰু পৰ্যাপ্ত পৰিমাণে উপলব্ধ হয় তাৰো ব্যৱস্থা কৰিব লাগিব বুলি কয়।

কৰ্মশালাত দলীয় আলোচনা পৰিচালনা কৰে এপাৰ্ট-ইৰিৰ আৱাসিক কনছালটেণ্ট ডঃ কানৱাৰ সিঙে। কৰ্মশালাত অংশগ্ৰহণ কৰে ইৰি, অসম কৃষি বিশ্ববিদ্যালয়, বিশ্ব পাচলি কেন্দ্ৰ, আন্তঃৰাষ্ট্ৰীয় আলু কেন্দ্ৰৰ বৈজ্ঞানিক, এ আৰ আই এ এছ ছ'চাইচীৰ বিষয়াসকল, অসম চৰকাৰৰ কৃষি বিভাগ, যন্ত্ৰ নিৰ্মাণ প্ৰতিষ্ঠানৰ প্ৰতিনিধি, সেৱা প্ৰদানকাৰী, ডীলাৰ, এফ পি অ' প্ৰতিনিধি আৰু কৃষি সামগ্ৰীৰ সৈতে জড়িত কৰ্পৰেট ব্যৱসায়ীসকল।

Your Comments