বন্যহস্তীৰ আক্ৰমণ আহত বন কৰ্মীলৈ আৰ্থিক সাহায্য

nagaon_elephant_attack

হোজাই জিলাৰ যমুনা উপত্যকা বন কাৰ্যালয়ৰ অধীনস্থ ডবকাৰ বনকৰ্মী তাজউদ্দিনক যোৱা ২২ ফেব্ৰুৱাৰীত বিয়লি কৰ্তব্যৰত অৱস্থাত বন্যহস্তীয়ে আক্ৰমণ কৰাৰ পিছত সম্প্ৰতি তেওঁ নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । উল্লেখ্য যে, সেইদিনা তাজ উদ্দিনক ডবকা সংৰক্ষিত বনাঞ্চলৰ ভিতৰত বন্যহস্তীয়ে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰিছিল ।

আজি বন্যহস্তীৰ আক্ৰমণত আহত হৈ চিকিৎসাধীন হৈ থকা তাজ উদ্দিনক চিকিৎসালয়ত অসম বন কৰ্মচাৰী সন্থাৰ সভাপতি ৰাজেন শইকীয়াৰ নেতৃত্বত সন্থাৰ এটি সজাঁতি দলে তেওঁৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে সন্থাৰ তৰফৰ পৰা ১০ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰে। সন্থাই বন কৰ্মীজনৰ আশু আৰোগ্য কামনা কৰিছে।

Your Comments