গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
গোলাঘাট জিলা প্ৰশাসন আৰু আবকাৰী বিভাগৰ চৰম গাফিলতিৰ বাবেই শালমিৰা, উষা আৰু শালমিৰামুখ চাহ বাগিছাৰ শ্ৰমিকসকলে অকালতে মৃত্যুক সাৱটিব লগীয়া হোৱা ঘটনাৰ প্ৰতিবাদত আজি, অসম চাহ জনজাতি ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিয়ে এক ধৰ্ণা কাৰ্যসূচী পালন কৰে।
জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত অনুষ্ঠিত হোৱা প্ৰতিবাদী অনুষ্ঠানটিৰ জৰিয়তে ছাত্ৰ সংগঠনটিয়ে মুঠ ৪ টা দাবী তুলি, সমগ্ৰ ঘটনাটোৰ ন্যায়িক তদন্ত আৰু মৃতকৰ পৰিয়াললৈ ১০ লাখ টকাৰ আৰ্থিক সাহাৰ্যৰ দাবী তোলে।
- Log in to post comments
- 5 views