গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
গোলাঘাটৰ একমাত্ৰ নাট্যানুষ্ঠান "ডেউকা নাট্যবিদ্যালয়"ত উদ্যাপন কৰা হয় গোলাঘাটৰ বিশিষ্ট সমাজ সচেতক, কবি, জ্যোতি পুস্তক ভাণ্ডাৰৰ স্বত্বাধিকাৰী জ্যোতিপ্ৰসাদ লডিয়াৰ ৭৪ সংখ্যক জন্ম দিন। সেই উপলক্ষে কালি ডেউকা নাট্যবিদ্যালয়ৰ চোতালত গোলাঘাটৰ বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হয় লডিয়াৰ জন্মদিনটি।
জ্যেষ্ঠ সাংবাদিক, সাপ্তাহিক ধনশিৰি কাকতৰ স্বত্বাধিকাৰী অপূৰ্ব কুমাৰ বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা অনুষ্ঠানটিত গোলাঘাটৰ বিভিন্ন অনুষ্ঠান, গুণমুগ্ধসকলে তেখেতক ওঁলগ জনোৱাৰ লগতে দীৰ্ঘায়ু কামনা কৰে। ডেউকাৰ অন্যতম সহযোগী প্ৰকাশ বৰাই আঁত ধৰা অনুষ্ঠানটিত ডেউকাৰ পৰিয়ালৰ হৈ অধ্যক্ষা মীনাক্ষী ফুকন, সহ: সম্পাদক মিন্টু দত্ত, সদস্যা দীপাঞ্জলী বৰুৱাই লডিয়াক এখনি চেলেং, স্মাৰক, এখনি অংগবস্ত্ৰ আৰু এটা জাঁপিৰে সম্বৰ্ধনা জ্ঞাপন কৰে।
ইয়াৰ লগতে সভাত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল ক্ৰমে ৰমেশ লডিয়া, বিশিষ্ট নিৱন্ধকাৰ হীৰেণ গগৈ, কবি,শিক্ষাবিদ পূণ্যেশ্বৰ পূজাৰী, সমাজ সেৱক বাবলু লহকৰ, ৰবীণ বৰুৱা, উপেন দত্ত আদি ব্যক্তিসকলে লডিয়া দেৱক সাৰুৱা ব্যক্তব্যৰ যোগেদি শুভেচ্ছা জ্ঞাপন কৰে। প্ৰায় দুঘন্টা সময় ডেউকা নাট্যবিদ্যালয়ৰ প্ৰশিক্ষাৰ্থীসকলে পৰিৱেশন কৰা বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানে উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰি ৰাখে।
- Log in to post comments
- 47 views