বিলাসীপাৰাৰ পৰা জহিৰুল ইছলাম
বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই কৃষকসকলক অতি সোনকালে শস্য উৎপাদন আৰু লাভান্বিত কৰাৰ লগতে বিভিন্ন ধৰণৰ সা-সঁজুলিৰে বিৰাট সুবিধা আগবঢ়াই আহিছে । আজি নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰাৰ হাকামাত ধান ৰোৱা মেচিনৰ ব্যৱহাৰ পদ্ধতি সম্পর্কে ৰাইজৰ আগত ব্যৱহাৰিক পদ্ধতি প্ৰদৰ্শন কৰে ।
প্ৰায় ২ লাখ ৫০হাজাৰ টকাত উপলব্ধ উক্ত মেচিনটোৱে এটা নিৰ্দিষ্ট মাপতে অতি সহজে ১ কিঃগ্ৰাঃ পেট্ৰ'লৰ দ্বাৰা ১৫ বিঘা মাটিত ধান ৰুব পাৰে। ধুবুৰী জিলাত পোন প্ৰথমবাৰৰ বাবে এই মেচিনৰ প্ৰদৰ্শন কৰি কৃষকসকলক এক নতুন আশাৰ বতৰা আৰু আনন্দৰ সংবাদ প্ৰদান কৰে।
- Log in to post comments
- 27 views