আগন্তুক লোকসভা নিৰ্বাচনত অসম গণ পৰিষদ দলে কোনটো ৰাজনৈতিক দলৰ সৈতে নিৰ্বাচনী মিত্ৰতা কৰিব ইয়াকে লৈ সম্প্ৰতি দ্বি-বিভক্ত হৈ পৰিছে অবিভক্ত নগাঁও জিলাৰ অগপৰ বিধায়ক, নেতাসকল। পূৰ্বৰ তিক্ততা পাহৰি বিজেপি দলৰ সৈতে পুনৰ নিৰ্বাচনী মিত্ৰতাৰ পোষকতা কৰিছে একাংশই। আন একাংশই কংগ্ৰেছৰ লগতহে নিৰ্বাচনী মিত্ৰতা হোৱাটো পোষকতা কৰিছে।
নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই কংগ্ৰেছৰ লগত মিত্ৰতাৰ বিৰোধিতা কৰাৰ পাছত নগাঁও জিলা অগপৰো একাংশ নেতাই তেওঁৰ সুৰতে সুৰ মিলাই কৈছে, "৮৫৫ জন ছহিদৰ মৃত্যুৰ বাবে জগৰীয়া কংগ্ৰেছৰ লগত মিত্ৰতা কৰি ছহিদক অপমান কৰা উচিত নহয়।" আনহাতে, বিজেপি দলে নাগৰিকত্ব সংশোধনী বিধায়ক আনি অসম চুক্তিকেই নসাৎ কৰা বুলি মন্তব্য কৰি বিজেপিৰে নিৰ্বাচনী মিত্ৰতা কৰিলে অবিভক্ত নগাঁও জিলাত দলটোৰ ভেটি উচন হ'ব বুলিও যুক্তি দৰ্শাইছে।
অগপ দলৰ একাংশ নেতাৰ পৰা জানিব পৰা মতে, কলিয়াবৰ সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী কেশৱ মহন্ত আৰু অগপৰ কলিয়াবৰ জিলা সমিতিৰ অধিকাংশ নেতা কৰ্মীয়ে নিৰ্বাচনী মিত্ৰতা বিজেপি দলৰ সৈতেই হোৱাটো বিচাৰে। কংগ্ৰেছৰ লগত নিৰ্বাচনী মিত্ৰতাই কলিয়াবৰ সমষ্টিটোত আঞ্চলিক ৰাজনৈতিক দলটোৰ অস্তিত্বৰ সংকট নমাই অনাৰ আশংকা কৰিছে অগপৰ বহু নেতা-কৰ্মীয়ে।
ইপিনে, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তয়েও কংগ্ৰেছৰ লগত নিৰ্বাচনী মিত্ৰতাৰ বিৰোধিতা কৰি ৰাজহুৱাকৈ ইতিমধ্যে মন্তব্য প্ৰকাশ কৰিছে যদিও বিজেপিৰ লগত মিত্ৰতা কৰিব নালাগে বুলিও কোৱা নাই। নগাঁও জিলা অগপৰ একাংশ নেতাই বিজেপিৰ লগত আৰু একাংশই কংগ্ৰেছৰ লগত নিৰ্বাচনী মিত্ৰতাৰ পোষকতা কৰিছে। অনুৰূপ অৱস্থা মৰিগাঁও জিলা অগপ আৰু হোজাই জিলা অগপৰ ক্ষেত্ৰতো। অবিভক্ত নগাঁও জিলাৰ অগপৰ নগাঁও, কলিয়াবৰ, হোজাই, মৰিগাঁও জিলা সমিতিৰ নেতা সকলে নিৰ্বাচনী মিত্ৰতাক কেন্দ্ৰ কৰি
দ্বি-বিভক্ত হৈ পৰাত চিন্তিত হৈ পৰিছে দলটোৰ কেন্দ্ৰীয় সমিতি। সেয়েহে, অগপৰ এই জিলা সমিতি কেইখনৰ সভাপতি-সম্পাদক সকলক কাইলৈ দলটোৰ কেন্দ্ৰীয় সমিতিয়ে আমবাৰীলৈ তলৱ কৰিছে বুলি জানিব পৰা গৈছে। হয়তো কাইলৈ মিত্ৰতাৰ সন্দৰ্ভত অগপৰ কেন্দ্ৰীয় সমিতিৰ নেতৃত্বই এই জিলা সমিতি কেইখনৰ মতামত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।
যিহেতু নগাঁও জিলাৰ বঢ়মপুৰ আৰু কলিয়াবৰ সমষ্টিৰ বাদে আন কোনো এটা বিধানসভা সমষ্টিতেই অগপ দলৰ ভেটি সৱল নহয়, সেয়েহে এই নিৰ্বাচনী মিত্ৰতাই অগপ দলক প্ৰত্যক্ষ ভাৱে সহায় কৰাৰ সম্ভাবনা নাই। কিন্তু অগপ দলে অনুঘটকৰ ৰূপত অন্য দলক কিছু সহায় কৰাৰ সম্ভাৱনা আছে বুলিহে নগাঁও জিলাৰ অগপৰ তৃণমূল পৰ্যায়ৰ একাংশ নেতাই মত প্ৰকাশ কৰিছে।
- Log in to post comments
- 81 views