হোজাইত উদ্ধাৰ দুটাকৈ মৃতদেহ

hojai_death_body

হোজাইৰ ভূঞা পট্টীৰ ৰে'ল লাইনৰ কাষত ৰহস্যজনক অৱস্থাত উদ্ধাৰ দুটাকৈ মৃতদেহ । মৃতদেহ দুটা এজন যুৱক আৰু আনজন কিশোৰ। দুয়োটা মৃতদেহ নগ্ন আৰু মুণ্ডহীন। মৃতদেহৰ নাতি দূৰত কাপোৰ উদ্ধাৰ হোৱাৰ লগতে মৃতদেহ বোকাত লুতুৰী-পুতুৰী অৱস্থাত পৰি আছিল। প্ৰত্যক্ষদর্শীৰ মতে দুৰ্বৃত্তই হত্যা কৰি ৰে'ল লাইনত পেলাই ৰে'লে কটাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছে। ঘটনাস্থলীত ৰে'ল আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। কিন্তু বৰ্তমান লৈকে চিনাক্ত হোৱা নাই  মৃতদেহ দুটা।

Your Comments