লতিবাৰী হৰি মন্দিৰত ৫১ সংখ্যক "হৰে ৰাম, হৰে কৃষ্ণ" কীৰ্তন আৰম্ভ 

kumarikata_krisna

কুমাৰীকাটাৰ পৰা ধীৰজ উপাধ্যায়

তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটা মৌজাৰ লতিবাৰী হৰি মন্দিৰ প্ৰাংগণত আজিৰে পৰা ২৪ ঘণ্টীয়া অখণ্ড "হৰে ৰাম হৰে কৃষ্ণ" কীৰ্তন আৰম্ভ হয়।

১৯৬৮ চনৰ ১৪ ফেব্ৰুৱাৰী শুক্ৰবাৰে দিনৰ ১১ বজাৰ পৰা চলি অহা আজি ৫১ সংখ্যক "হৰে ৰাম হৰে কৃষ্ণ" কীৰ্তনটিৰ সুভাৰম্ভ কৰে কীৰ্তনৰ সভাপতি জয় বাহাদুৰ থাপা আৰু সম্পাদক তীৰ্থ বাহাদুৰ কটোৱাৰ লগতে লতিবাৰী গাঁৱৰ ধৰ্মপ্ৰাণ ৰাইজে। কাৰ্যসূচী মৰ্মে ৰাতিপুৱা ৯.৩০ বজাত লতিবাৰী গাঁৱৰ সমাজকৰ্মী হৰেন বসুমতাৰীয়ে  মুখ্যদ্বাৰ উন্মোচন কৰে।

৯.৪৫ বজাত ২৬ নং দৰংগাজুলীৰ এমচিএলএ বিজিত গৌৰা নাৰ্জাৰীয়ে ধৰ্মধ্বজা উন্মোচন কৰে৷ ১০ বজাত প্ৰাক্তন এমচিএলএ বাসুদেৱ উপাধ্যায়ে বন্তি প্ৰজ্বলন কৰে।

লগতে পুলৱামাত পাকিস্তানৰ সন্ত্ৰাসবাদী আক্ৰমণত ছহিদ হোৱা বীৰসকলৰ আত্মাৰ শান্তিৰ বাবে এক মিনিট মৌন হয়। তাৰ পিছতে ৫১ সংখ্যক হৰি কীৰ্তন আৰম্ভ হয়। উক্ত কীৰ্তনটিত প্ৰায় এক শতাধিক ধৰ্মপ্ৰাণ ব্যক্তি সকলে অংশগ্ৰহণ কৰে।
 

Your Comments