নগাওঁ জিলাৰ বিভিন্ন এলেকাত সুৰা সেৱনৰ ফলত বহুলোক তিল তিলকৈ ধংব্বসৰ মুখলৈ গতি কৰাৰ সময়ত নিৰৱ দৰ্শক হৈ বহি থকাৰ অভিযোগ উঠিছে প্ৰশাসনৰ বিৰুদ্ধে । বিশেষকৈ চাহ বাগান এলেকাত আজিও চলি আছে মাদক দ্ৰৱ্যৰ অবধ প্ৰচলন । গোলাঘাট, মেৰাপানী, তিতাবৰত ইতিমধ্যে বিষাক্ত চুলাই মদ সেৱন কৰি শতাধিক লোকে মৃত্যুক সাৱটি লোৱা শোকাৱহ ঘটনাৰ জোকাৰি যোৱাৰ সময়তেই নগাঁও জিলাৰ কন্দলি চাহ বাগিচাৰ অবাধ গতিত বৃদ্ধি পাইছে চুলাই মদ সেৱনকাৰীৰ৷
মাথোন ১৬০ টকা মজুৰিৰে সম্পূৰ্ণ পৰিয়াল পুহ-পাল দিব নোৱাৰা একাংশই চুলাই মদ সেৱন কৰি বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। ইফালে কন্দলি চাহ বাগিছাৰ সমীপত একাংশই অবৈধভাৱে চুলাই মদৰ বেহা চলাই থকাৰ অভিযোগ উত্থাপন হৈছে। এই ক্ষেত্ৰত স্থানীয়লোকসকলে আৱকাৰী বিভাগ আৰু চৰকাৰ সম্পূৰ্ণ জগৰীয়া বুলি মন্তব্য কৰা লগতে আবকাৰী বিভাগ মেনেজ হৈ থকা বুলিও ব্যক্ত কৰে ।
নগাঁও জিলাৰ ভিন্ন স্থানত দীৰ্ঘ দিনৰ পৰা অবাধে চলি আছে অবৈধ চুলাই মদৰ বেহা। এইক্ষেত্ৰত প্ৰশাসন, আবকাৰী বিভাগে বিশেষ প্ৰদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে। আনহাতে গোলাঘাট, মেৰাপানীত সংঘটিত শোকাৱহ ঘটনাৰ দৰে পুনৰ যাতে নঘটে তাৰ বাবে স্থানীয়লোকসকলে শীঘ্ৰে পদক্ষেপ হাতত লবলৈ প্ৰশাসনক দাবী জনাইছে।
- Log in to post comments
- 22 views