পুৰণিগুদামত ২০২০ চনত মুকলি হ'ব বিশ্বৰ সৰ্ববৃহৎ মহা মৃত্যুঞ্জয় মন্দিৰ

পুৰণিগুদামত ২০২০ চনত মুকলি হ'ব বিশ্বৰ সৰ্ববৃহৎ মহা মৃত্যুঞ্জয় মন্দিৰ

নগাঁও জিলাৰ পুৰণিগুদামৰ সমীপৱৰ্তী ভেৰভেৰি নৰসিংহ ক্ষেত্ৰত নিৰ্মাণকাৰ্য চলি থকা বিশ্বৰ সৰ্ববৃহৎ মহা মৃত্যুঞ্জয় মন্দিৰত যোৱা ১৯ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা মহা মৃত্যুঞ্জয় যজ্ঞৰ আজি বিয়লি সামৰণি পৰে। আটাইকেইদিনৰ কাৰ্যসূচীত বেদব্যাস পণ্ডিতৰ মন্ত্ৰ ধ্বনি, আয়তীৰ উৰুলি, শংখ ঘণ্টাৰ ধ্বনিত মুখৰিত হৈ পৰা নৰসিংহ ক্ষেত্ৰত হাজাৰ হাজাৰ লোকৰ সমাগম ঘটে। আজি পুৱাৰে পৰাও নৰসিংহ ক্ষেত্ৰৰ আটাইকেইদিনৰ কাৰ্যসূচীৰ ভিতৰত অন্যতম পূৰ্ণাহুতিত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় তিনি সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে।

পুৰণিগুদামত ২০২০ চনত মুকলি হ'ব বিশ্বৰ সৰ্ববৃহৎ মহা মৃত্যুঞ্জয় মন্দিৰ

উল্লেখ্য যে মহান তাপস ভৃগুগিৰি মহাৰাজৰ সংকল্পৰে লক্ষাধিক জপৰ শ্ৰীশ্ৰী মহা মৃত্যুঞ্জয় যজ্ঞ মহোৎসৱত অংশগ্ৰহণ কৰিলে পুণ্য অৰ্জন হয় বুলি থকা বিশ্বাসৰ বাবে প্ৰতিদিনাই ভক্তপ্ৰাণ ৰাইজৰ সমাগম বৃদ্ধি পোৱা দেখা যায়। আজি দুপৰীয়া অনুষ্ঠিত পূৰ্ণাহুতি কাৰ্যসূচীত পুৱাৰে পৰা ভক্তৰ লানি নিছিগা সোঁত পৰিলক্ষিত হয়। পুৱাৰ ভাগত আনদিনৰ দৰে নগৰ পৰিক্ৰমা, বেদধ্বনি কাৰ্যসূচী ৰূপায়ণ হোৱাৰ উপৰি দুপৰীয়া ১১.৩০ বজাৰ পৰা পঞ্চকুমাৰী পূজা অনুষ্ঠিত হয়। এই কাৰ্যসূচীসমূহৰ সকলোতে ভক্তপ্ৰাণ ৰাইজৰ সঁহাৰি পৰিলক্ষিত হয়। 

পুৰণিগুদামত ২০২০ চনত মুকলি হ'ব বিশ্বৰ সৰ্ববৃহৎ মহা মৃত্যুঞ্জয় মন্দিৰ

উল্লেখ্য যে ৰাইজৰ দান-বৰঙণিৰে দ্ৰুতগতিত নিৰ্মাণকাৰ্য চলি থকা বিশ্বৰ সৰ্ববৃহৎ মন্দিৰটো ২০২০ চনত সম্পূৰ্ণ হ'ব। এই মন্দিৰটো সম্পূৰ্ণ হৈ উঠিলে পুৰণিগুদাম ভেৰভেৰি নৰসিংহ ক্ষেত্ৰ পৰ্যটকৰ কাৰণে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব। ২০২০ চনৰ মাঘী পূৰ্ণিমাত এই মন্দিৰটো ভক্তপ্ৰাণ ৰাইজৰ বাবে মুকলি হ'ব বুলি মন্দিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা জানিব পৰা গৈছে। বৰ্তমান সময়ত মন্দিৰটোৰ নিৰ্মাণৰ কাম বহু পৰিমাণে বাকী আছে। এই ক্ষেত্ৰত ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে মন্দিৰ নিৰ্মাণ সমিতিয়ে।

Your Comments