নগাঁও চহৰৰ আমিনপট্টিৰ এম আজাদ ৰোডৰ এজন লোকৰ ঘৰৰ পৰা এটা বিৰল প্ৰজাতিৰ মকৰা উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। আমিনপট্টিৰ কাশ্যপ ক'ৰ নামৰ লোকজনৰ ঘৰত আজি বিয়লিৰ ভাগত এই বিৰল প্ৰজাতিৰ মকৰাটো উদ্ধাৰ হয়। মানুহৰ মুখৰ আকৃতিৰ আৰু মুগা বৰণৰ এই মকৰাটো উদ্ধাৰক লৈ সমগ্ৰ এলেকাটোত উৎসুকতাৰ সৃষ্টি হৈছে। বৰ্তমান এই মকৰাটো সকলোৰে আকৰ্ষণৰ বিন্দু হৈ পৰিছে। ইতিমধ্যে মকৰাটো চাবলৈ বহু লোকৰ সমাগমো ঘটিছে। এনেধৰণৰ মকৰা ইয়াৰ আগতে নগাঁৱত কেতিয়াও ৰাইজে প্ৰত্যক্ষ কৰা নাছিল। বন বিভাগে এই মকৰাটো কি প্ৰজাতিৰ এই কথা এই পৰ্যন্ত নিশ্চিত কৰিব পৰা নাই। উল্লেখ্য যে ইয়াৰ পূৰ্বে কাৰ্বি-আংলঙত এনেধৰণৰ মকৰা উদ্ধাৰ হৈছিল বুলি জানিব পৰা গৈছে।
- Log in to post comments
- 58 views