গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
শুকুৰবাৰে সন্ধ্যা গোলাঘাটৰ শালমৰাকে ধৰি বিভিন্ন প্ৰান্তত বিষাক্ত সুৰা সেৱন কৰি মৃত্যু হোৱা অৰ্ধশতাধিক লোকৰ ঘটনাৰ বুজ লয়হি ৰাজ্য চৰকাৰৰ বিদ্যুৎ মন্ত্ৰী তপন গগৈ, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই। দলটিয়ে গোলাঘাটৰ শালমৰা বাগানকে কৰি ছহিদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লোৱাৰ পিছতে নিশা গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখনি জৰুৰী সভা আহ্বান কৰি জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক, আবকাৰী বিভাগ, স্বাস্থ্য বিভাগ, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়ববীয়াৰ সৈতে এক আলোচনাত মিলিত হয়। আলোচনাৰ অন্তত আবকাৰী বিভাগক আৰক্ষীৰ সৈতে মিলিত হৈ সকলো ধৰণৰ অবৈধ সুৰাৰ ঘাটি উচ্ছেদ কৰাৰ লগতে জিলাখনত লালী গুড় সম্পৰ্ণৰূপে নিষিদ্ধ কৰাৰ নিৰ্দেশ দিয়ে।
- Log in to post comments
- 13 views