দেৱকান্ত বৰুৱাক ভাৰত ৰত্ন প্ৰদানৰ দাবী

দেৱকান্ত বৰুৱালৈ ভাৰতৰত্ন প্ৰদানৰ দাবী

নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা 

অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী, কলংপৰীয়া কবি দেৱকান্ত বৰুৱাৰ আজি জন্মদিন৷ অতি কম দৰমহা পোৱা শিক্ষাগুৰুসকলৰ বেতন বৃদ্ধি কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ উচ্চ শিক্ষা গ্ৰহণৰ সুবিধাৰ বাবে বিভিন্ন চৰকাৰী বৃত্তিৰ ব্যৱস্থা কৰাৰ উপৰি উচ্চ শিক্ষা গ্ৰহণৰ বাবেও ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰা শিক্ষামন্ত্ৰী, কলংপৰীয়া কবিগৰাকীৰ আজি পবিত্ৰ জন্মতিথিত সোঁৱৰণ কৰা হয়। সেইগৰাকী স্বনামধন্য কলংপৰীয়া কবি-সাহিত্যিকে একমাত্ৰ কবিতাপুথি "সাগৰ দেখিছা"ৰ জৰিয়তে অসমীয়া সাহিত্যত নিজৰ নাম জিলিকাই ৰাখিছে বুলি "ৰাজপথৰ কবিতা"ৰ সভাপতি, অধ্যাপক প্ৰদীপ কুমাৰ বৰাই বক্তব্য আগবঢ়ায়।

নগাঁও গোপীনাথ দেৱগোস্বামী বাণিজ্য মহাবিদ্যালয় আৰু "ৰাজপথৰ কবিতা"ৰ উদ্যোগত দেৱকান্ত বৰুৱা সোঁৱৰণি কবিতাৰ সভাত দেৱকান্ত বৰুৱাৰ কবিতা "মোৰ দেশ মানুহৰ দেশ" আবৃত্তি কৰে শিশু সমৰজিৎ শইকীয়া ইআৰু "বিহুৰ পেঁপা" আবৃত্তি কৰে শিশু দূৱৰী কাশ্যপ শইকীয়াই। ডিমৰীয়া কলেজৰ অধ্যাপক মোহিনী মোহন ডেকাই সঞ্চলনা কৰা কবিতাৰ সভাত কবিতা পাঠ কৰে কবি চন্দ্ৰ শইকীয়া, ডঃ জোনালী শৰ্মা, জেউতী হাজৰিকা, প্ৰতুল বৰা, অচ্যুত প্ৰৱৰ শৰ্মা, মধুমিতা বৰুৱা, অনুৰম বৰা, গুণদা গোস্বামী, ভৰত কেওট, সমীৰণ বৰবৰা, তেজস্বিনী কৌৰ, হাছিনা মমতাজ, প্ৰীতিমণি শৰ্মা, মায়ামণি দেৱী, কৰবী লিগিৰা, পুলকানন্দ কৌশিক, দ্বীজেন্দ্ৰমোহন শইকীয়া, নয়নমণি মিশ্ৰ, পাপু মজুমদাৰ, সুস্মিতা দত্ত দাস, কবিতা বৰা, এম ইব্ৰাহিম আলী, বসন্ত কৌশিক ভাগৱতী, দেৱযানী শৰ্মা পাঠক, জয়ন্তী বৰা, ৰাতুল শৰ্মাই। 

দেৱকান্ত বৰুৱালৈ ভাৰতৰত্ন প্ৰদানৰ দাবী

কবিতা সভাৰ আৰম্ভণিতে যুদ্ধৰ বিৰোধিতাৰে জম্মু-কাশ্মীৰৰ ছহিদসকললৈ শ্ৰদ্ধা জনোৱাৰ লগতে কলংপৰীয়া চিত্ৰশিল্পী প্ৰণৱ বৰুৱাৰ ওপজা দিন উপলক্ষে চিত্ৰশিল্পী সুজিত দাসে অসমীয়া শংকৰী শৈলীত অংকন কৰা সাতখন তৈলচিত্ৰ প্ৰদৰ্শন কৰে৷ ছবি বিশ্ববাসীৰ ভাষা, এই ভাষা সকলোৱে বুজি পায়৷ সেয়ে শিল্পী প্ৰণৱ বৰুৱা বিশ্ববন্দিত বুলি উল্লেখ কৰে। নগাঁও গোপীনাথ দেৱগোস্বামী বাণিজ্য মহাবিদ্যালৰ অধ্যক্ষ ডঃ শিৱৰঞ্জন মহন্তৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনিত তেওঁ কয়, "মই কবি নহ'লেও দেৱকান্ত বৰুৱা, নৱকান্ত বৰুৱা, বেজবৰুৱা আদি অগ্ৰজ কবিসকলৰ কবিতা মোৰ মনত আছে৷ মই নতুন কবিৰ কবিতা পঢ়িছোঁ, আপোনালোকেও পঢ়িছে৷ কিন্ত মোৰ মনত নাই৷ আপোনালোকৰ মনত আছেনে নাই মই নাজানো; কথাটো অতি গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে। আজিৰ সভাতে সঞ্চালকৰ মন্তব্যত দেৱকান্ত বৰুৱালৈ 'ভাৰতৰত্ন' প্ৰদানৰ দাবী তোলে৷

Your Comments