বঙাইগাঁও শাখা মজদুৰ ইউনিয়নৰ ৫৯সংখ্যক বাৰ্ষিক অধিৱেশন সম্পন্ন : নতুন সমিতি গঠন

বঙাইগাঁও শাখা মজদুৰ ইউনিয়নৰ ৫৯সংখ্যক বাৰ্ষিক অধিৱেশন সম্পন্ন : নতুন সমিতি গঠন

উত্তৰ-পূব সীমান্ত ৰে'লৱে' মজদুৰ ইউনিয়নৰ বঙাইগাঁও শাখাৰ ৫৯সংখ্যক বাৰ্ষিক অধিবেশনখন আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়৷ প্ৰিয় গুপ্ত মেম'ৰিয়েল প্ৰেক্ষাগৃহ প্ৰাংগণত অনুষ্ঠিত অধিৱেশন উপলক্ষে পুৱা ইউনিয়নৰ সভাপতি দ্বীপেন বৰাই পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে৷ ইয়াৰ পিছতে সমূহীয়াভাৱে ছহিদ তৰ্পণ কৰে৷ আনহাতে, দুপৰীয়াৰ ভাগত অনুষ্ঠিত হয় মুকলিসভা৷

বঙাইগাঁও শাখা মজদুৰ ইউনিয়নৰ ৫৯সংখ্যক বাৰ্ষিক অধিৱেশন সম্পন্ন : নতুন সমিতি গঠন

শাখাৰ সভাপতি দ্বীপেন বৰাৰ সভাপতিত্ব অনুষ্ঠিত মুকলি সভাত  উত্তৰ-পূব সীমান্ত ৰে'লৱে' মজদুৰ ইউনিয়নৰ যুটীয়া সম্পাদক আশিস বিশ্বাসে কয় যে শ্ৰমিক আজি আন্দোলনৰ পথত যাবলৈ বাধ্য হৈ পৰিছে৷ কিয়নো মোডী চৰকাৰে নিতৌ ন ন ষড়যন্ত্ৰ কৰি শ্ৰমিকক শোষণ কৰাৰ বুদ্ধি পাঙিছে৷ সেয়ে অহা ১৩ মাৰ্চত ভাৰতৰ সকলো ট্ৰেড ইউনিয়ন আৰু ফেডেৰেচনে একেলগে দিল্লীৰ যন্তৰ-মন্তৰত চৰকাৰৰৰ বিভিন্ন শ্ৰমিকবিৰোধী নীতিৰ প্ৰতিবাদত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব বুলিও কয়৷ মুকলি সভাত ইউনিয়নৰ সভাপতি ৰমণী বৰ্মন, উপ-সভাপতি ফণীধৰ দাস, সহ-সম্পাদক তন্ময় শক্তি ৰাহা, সুচেন হাজৰিকা, প্ৰচাৰৰ বিভাগৰ কেন্দ্ৰীয় আহ্বায়ক কল্লোল দেৱশৰ্মা, ৰঙিয়া ডিভিজনৰ আহ্বায়ক সমীৰ চুনী মুচাহাৰী আদি উপস্থিত থাকে৷

বঙাইগাঁও শাখা মজদুৰ ইউনিয়নৰ ৫৯সংখ্যক বাৰ্ষিক অধিৱেশন সম্পন্ন : নতুন সমিতি গঠন

উল্লেখ্য যে এই সভাতেই উত্তৰ-পূব সীমান্ত ৰে'লৱে' এমপ্লয়িজ ইউনিয়নৰ নিউ বঙাইগাঁও শাখাৰ সম্পাদক বি বি সোণাৰ, একেই শাখাৰ সাংগঠনিক সম্পাদক মাধৱ চন্দ্ৰ দে'কে ধৰি ৬গৰাকী এমপ্লয়িজ ইউনিয়নৰ সদস্যই মজদুৰ ইউনিয়নত যোগদান কৰে৷ ইপিনে এই অধিবেশনতেই আগন্তুক ২০১৯-২০ বৰ্ষৰ বাবে দ্বীপেন বৰাক সভাপতি আৰু শম্ভু প্ৰসাদ দাসক সম্পাদক তথা ৰূপক দেৱক কোষাধ্যক্ষ হিচাপে লৈ ১৯জনীয়া সমিতিখন গঠন কৰা হয়৷

Your Comments