গোলাঘাটত বিষাক্ত সুৰাপানৰ ফলত মৃত্যুৰ সংখ্যা ৪৮জনলৈ বৃদ্ধি : পৰিমল শুক্লবৈদ্যৰ পদত্যাগ দাবী

গোলাঘাটত বিষাক্ত সুৰাপানৰ ফলত মৃত্যুৰ সংখ্যা ৪৮জনলৈ বৃদ্ধি : পৰিমল শুক্লবৈদ্যৰ পদত্যাগ দাবী

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন

গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত এতিয়াও মৃত্যুৰ বিভীষিকা বিৰাজমান। ক্ৰমাৎ জিলাখনত মৃতকৰ সংখ্যা ৪৮জনলৈ বৃদ্ধি পাইছে। চিকিৎসাধীন হৈ থকা প্ৰায় ৭০জনকৈ ৰোগী এতিয়াও আতংকমুক্ত হ'ব পৰা নাই। জানিব পৰামতে, আজি পুৱাৰ ভাগত মৃত্যু হয় কাজল বাউৰী, মাইনু পুজৰ, মমতা তাঁতী, অখিল বাউৰী, দুলু ৰয়, বিমান পুজৰ, জগত ফুকন, তনু ৰয়, বুবুল ভূঞা, বিমান কোঁৱৰ, পৰশু বাল।

গোলাঘাটত বিষাক্ত সুৰাপানৰ ফলত মৃত্যুৰ সংখ্যা ৪৮জনলৈ বৃদ্ধি : পৰিমল শুক্লবৈদ্যৰ পদত্যাগ দাবী

ইফালে বাকী ৭০জনকৈ ৰোগী এতিয়াও  সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। সমগ্ৰ পৰিবেশ পৰ্যবেক্ষণ কৰি ক'ব পাৰি যে নিশাৰ ভাগলৈ মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আনহাতে, বিগত সময়ত মদমুক্ত অসম দাবী সমিতিকে ধৰি বিভিন্ন দল-সংগঠনে বিভিন্ন সময়ত জিলাখনত অবৈধভাৱে চলি থকা লালি গুড় বন্ধৰ প্ৰতিবাদ তথা অবৈধ সুৰাৰ ঘাটিৰ বিৰুদ্ধে আন্দোলন কৰি আহিছে।

গোলাঘাটত বিষাক্ত সুৰাপানৰ ফলত মৃত্যুৰ সংখ্যা ৪৮জনলৈ বৃদ্ধি : পৰিমল শুক্লবৈদ্যৰ পদত্যাগ দাবী

তথাপি জিলা প্ৰশাসন বা চৰকাৰে এই ক্ষেত্ৰত কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতেই এই চৰম ঘটনা হ'বলৈ পালে বুলি উল্লেখ কৰে মদমুক্ত অসম দাবী সমিতিৰ সভাপতি প্ৰবীণ দাসে। ইয়াৰোপৰি  জিলাখনত সংঘটিত হোৱা এই হৃদয়বিদাৰক ঘটনাৰ ন্যায়িক তদন্ত বিচাৰি আজি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত মুঠ চাৰিটাকৈ দল-সংগঠনে গোলাঘাট জিলা কংগ্ৰেছ কমিটী, জিলা মহিলা কংগ্ৰেছ, চাহ জনগোষ্ঠী ছাত্ৰ সন্থা, মদমুক্ত অসম দাবী সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আৱকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ পদত্যাগৰ দাবী তোলে।

Your Comments