নাৰায়ণপুৰত সত্ৰীয়া সংস্কৃতিৰ কৰ্মশালাৰ সামৰণি

নাৰায়ণপুৰত সত্ৰীয়া সংস্কৃতিৰ কৰ্মশালাৰ সামৰণি

মাহজোৰা গ্ৰীষ্মবন্ধৰ সময়ছোৱাত ৰাজ্যখনৰ চৌদিশে ছাত্ৰ-ছাত্রীসকলৰ মাজত অনুষ্ঠিত হয় বিভিন্ন ধৰণৰ কৰ্মশালা। ইয়াৰ ব্যতিক্ৰম নাছিল লখিমপুৰ জিলাৰ নাৰায়ণপুৰো। নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী বৰ নাহৰণিস্থিত শ্ৰীশ্ৰী শিয়ালমৰা সত্ৰত যোৱা ১০ জুলাইৰ পৰা ২১ দিনীয়াকৈ অনুষ্ঠিত হোৱা সত্ৰীয়া নৃত্য-গীত কৰ্মশালাৰ মঙলবাৰে সামৰণি পৰে।

শ্ৰীশ্ৰী শিয়ালমৰা সত্ৰৰ কলা সদনৰ উদ্যোগত আৰু সংগীত নাটক অকাডেমি, নতুন দিল্লীৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত কৰ্মশালাখনত পিছপৰা বৃহত্তৰ অঞ্চলটোৰ ডেৰ শতাধিক ছাত্ৰ-ছাত্রীয়ে অংশগ্ৰহণ কৰে। বৰগীত, মাটি আখৰা, কৃষ্ণ নৃত্য, ঝুমুৰা নৃত্য, গায়ন-বায়ন আদি সত্ৰীয়া সংস্কৃতিৰ ওপৰত অনুষ্ঠিত এই কৰ্মশালাখনৰ জৰিয়তে নতুন প্ৰজন্মৰ মাজত গুৰুজনাৰ সৃষ্টিৰাজিক পৰিচয় কৰাই দিয়াটোৱেই আছিল প্ৰধান লক্ষ্য।

সত্ৰীয়া সংস্কৃতিৰ এই প্ৰশিক্ষণ প্ৰদান কৰে পদ্মশ্ৰী আৰু সংগীত নাটক অকাডেমি বঁটাপ্ৰাপক ঘনকান্ত বৰা বৰবায়ন, সত্ৰীয়া সংস্কৃতিৰ সাধক উপেন চন্দ্ৰ বৰুৱা বৰবায়ন, নাৰায়ণপুৰ কলা নিকেতনৰ অধ্যক্ষ প্ৰভাত কাকতি আৰু প্ৰাঞ্জল দত্তই। সামৰণী অনুষ্ঠানটি বন্তি প্ৰজ্জ্বালনেৰে শুভাৰম্ভ কৰে সত্ৰাধিকাৰ অৰুণ গোস্বামীয়ে। কলা সদনৰ সভাপতি প্ৰফুল্ল শইকীয়া আৰু দ্বীপ তামুলীয়ে আঁতধৰা অনুষ্ঠানটোত প্ৰশিক্ষাৰ্থীসকলে বিভিন্ন নৃত্য-গীত পৰিবেশন কৰি সমগ্র পৰিবেশটো জীপাল কৰি তোলে। অনুষ্ঠানটোত বৃহত্তৰ অঞ্চলটোৰ কেইবা শতাধিক লোকৰ লগতে প্ৰশিক্ষকসকল আৰু কেইবাগৰাকীও গণ্য-মান্য লোকে অংশগ্ৰহণ কৰে।
 

Your Comments