কলিয়াবৰত শ্ৰমিকৰ ন্যায্য মজুৰিৰ দাবীত উত্তাল প্ৰতিবাদ

কলিয়াবৰত শ্ৰমিকৰ ন্যায্য মজুৰিৰ দাবীত উত্তাল প্ৰতিবাদ

কলিয়াবৰ মহকুমাৰ অন্তৰ্গত অসম চাহ নিগমৰ অধীনস্থ আমলখি, ডিজুভেলী আৰু লুংচুং চাহ বাগিচাত শ্ৰমিকৰ প্ৰতিবাদ। শ্ৰমিকৰ প্ৰাপ্য মজুৰি বিচাৰি বাগিচাৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিকসকলে। যিসময়ত অন্যান্য বাগিচাত শ্ৰমিকৰ মজুৰি দৈনিক ১৬৭ টকা আদায় দিয়া হৈছে, তেনে সময়ত অসম চাহ নিগমৰ অধীনস্থ চাহ বাগিচাসমূহত দৈনিক মজুৰি ১১৫ টকা বাগিচা কৰ্তৃপক্ষই শ্ৰমিকক আদায় দি শোষণ চলাই আহিছে বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰে।

কলিয়াবৰত শ্ৰমিকৰ ন্যায্য মজুৰিৰ দাবীত উত্তাল প্ৰতিবাদ

লগতে শীঘ্ৰে শ্ৰমিকৰ মজুৰি ১৬৭ টকালৈ বৃদ্ধি কৰাৰ লগতে শ্ৰমিকক ৰেচন দিয়াৰো দাবী জনায়। উল্লেখ্য যে এইসকল শ্ৰমিক দীৰ্ঘদিন ধৰি বিদ্যুৎ-চিকিৎসা সেৱাৰ পৰাও বঞ্চিত হৈ আহিছে। উল্লৌখ্য যে আজি অসম চাহ মজদুৰ সংঘৰ নগাঁও জিলা সমিতিৰ আহ্বানমৰ্মে আমলখি, ডিজুভেলী আৰু লুংচুং চাহ বাগিচাত শ্ৰমিকসকলে বাগিচা ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে পাপ্য মজুৰিৰ দাবীত বাগিচা কৰ্তৃপক্ষলৈ স্মাৰক-পত্ৰ প্ৰদান কৰে।

Your Comments