সোণাৰিত মুখ্য মন্ত্ৰী কৃষি সঁজুলি যোজনা শুভাৰম্ভ

সোণাৰিত মুখ্য মন্ত্ৰী কৃষি সজুঁলি যোজনা শুভাৰম্ভ

সোণাৰিৰ পৰা ঘন বৰা

অসম চৰকাৰ শ্ৰম আৰু নিয়োগ (স্বতন্ত্ৰ), চাহ জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী পল্লৱলোচন দাসে চৰাইদেউ জিলাৰ অভয়পুৰ খেলপথাৰত অনুষ্ঠিত এখন সভাত আজি মুখ্য মন্ত্ৰী কৃষি সা-সঁজুলি যোজনা আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে৷

সোণাৰিত মুখ্য মন্ত্ৰী কৃষি সজুঁলি যোজনা শুভাৰম্ভ

লগতে তেওঁ ছহিদ মাংৰি ওৰাং আৰ্ছাৰী একাডেমী আৰু জাবৰ নিষ্কাশন প্ৰকল্পৰো শুভ উদ্বোধন কৰে। জিলা উপায়ুক্ত দীপক কুমাৰ সন্দিকৈৰ পৌৰোহিত্যত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অৰুণ চাংকাকতিয়ে।

সোণাৰিত মুখ্য মন্ত্ৰী কৃষি সজুঁলি যোজনা শুভাৰম্ভ

জিলাখনৰ ৭,৩৯৪জন কৃষকক মুখ্য মন্ত্ৰীৰ কৃষি সা-সঁজুলি যোজনাৰ অধীনত নিৰ্বাচিত কৰিছে বুলি জানিব পৰা গৈছে। সভাত মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহন, জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ আদি ব্যক্তিসকল উপস্থিত থাকে।
 

Your Comments