গোলাঘাটত বিগত বৰ্ষৰ প্ৰলয়ংকৰী বানৰ ক্ষয়-ক্ষতিৰ বুজ ল'লে কেন্দ্ৰীয় চৰকাৰৰ উচ্চস্তৰীয় দলে

গোলাঘাটত বিগত বৰ্ষৰ প্ৰলয়ংকৰী বানৰ ক্ষয়-ক্ষতিৰ বুজ ল'লে কেন্দ্ৰীয় চৰকাৰৰ উচ্চস্তৰীয় দলে

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন

আজি বিগত বৰ্ষত গোলাঘাট জিলাত প্ৰলয়ংকৰী বানে কৰা ক্ষয়-ক্ষতিৰ বুজ ল'লে কেন্দ্ৰীয় চৰকাৰৰ এটা উচ্চস্তৰীয় দলে। কেন্দ্ৰীয় চৰকাৰৰ গ্ৰামোন্নয়ন বিভাগৰ উপ-সচিব এছ এছ মোডীৰ নেতৃত্বত দলটোৰ লগত অহা আন দুজন সদস্য হ'ল কেন্দ্ৰীয় জলসম্পদ বিভাগৰ মুৰব্বী অভিযন্তা ৰবি ৰঞ্জন, কৃষি আৰু কৃষক উন্নয়ন পৰিষদৰ যুটীয়া সঞ্চালক জিণ্টু দাস, মুক্তাৰাম ডেকা, প্ৰকল্প প্ৰবন্ধক, অসম ৰাজ্যিক দুৰ্যোগ প্ৰাধিকৰণ আৰু জিলা প্ৰশাসনৰ তৰফৰ পৰা অতিৰিক্ত উপায়ুক্ত উৎপল দলেই দলটোৰ লগত উপস্থিত থাকে।

গোলাঘাটত বিগত বৰ্ষৰ প্ৰলয়ংকৰী বানৰ ক্ষয়-ক্ষতিৰ বুজ ল'লে কেন্দ্ৰীয় চৰকাৰৰ উচ্চস্তৰীয় দলে

দলটোৱে বোকাখাত ৰাজহ চক্ৰৰ অন্তৰ্গত নিকৰিঘাট অঞ্চলৰ বানৰ ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ লগতে শম্ভুৰাম মধ্য ইংৰাজী বিদ্যালয় আৰু প্ৰাথমিক বিদ্যালয় পৰিদৰ্শন কৰে। ইয়াৰ পিছতে গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এক সভাত অংশগ্ৰহণ কৰি প্ৰশাসনীয় বিভাগৰ লগতে অন্যান্য বিভাগৰ মুৰব্বীসকলৰ সৈতে আলোচনাত মিলিত হয়। প্ৰশাসনৰ তৰফৰ পৰা জিলাখনত বিগত বৰ্ষত বানে কৰা ক্ষয়-ক্ষতিৰ তথ্য অধিক স্পষ্ট ৰূপত দাঙি ধৰিবলৈ বানৰ ভয়াৱহ ৰূপৰ আলোকচিত্ৰ আৰু কেতবোৰ ভিডিঅ' ক্লিপিঙো উপস্থাপন কৰে।

Your Comments