গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
গোলাঘাট চহৰৰ নিকটৱৰ্তী শালমৰা চাহবাগিচাত বৃহস্পতিবাৰে নিশাৰ ভাগত ঘটিল এক হৃদয় বিদাৰক ঘটনা। বাগিচাখনৰ বহু লোকে বিষাক্ত চুলাই মদ সেৱন কৰি মৃত্যুক সাৱটিবলগীয়া হয়। বাতৰি যুগুতোৱাৰ সময়লৈকে মুঠ ২২জনকৈ শ্ৰমিক মৃত্যু হোৱাৰ লগতে প্ৰায় ৯জনকৈ শ্ৰমিকক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। বৃহস্পতিবাৰে বিয়লি ভাগতে ৪গৰাকীকৈ মহিলা শ্ৰমিকৰ মৃত্যু হোৱাৰ পিছতে যেন মৃত্যুৰ লানি নিছিগা শাৰী।
জানিব পৰামতে, নিহতসকল হৈছে বেল ভূমিজ, দ্ৰোপদী ওৰাং, অগ্নি গোৱলা, বন্ধন বাউৰী, দুলাল ওৰাং, এতোৱা, শুকলাল পুজৰ, মীনা পুজৰ, সোণেশ্বৰ গগৈ, আনন্দ বৰা, সুৰেণ বৰা আদি। বিষাক্ত চুলাই সেৱনৰ ফলত সংঘটিত হোৱা এনে ঘটনাত বাগিচাখনত এক শংকিত পৰিবেশৰ সৃষ্টি হৈছে। স্থানীয় ৰাইজে দাবী কৰামতে, অবৈধভাৱে গঢ় লৈ উঠা চুলাইৰ ঘাটিয়েই এই ঘটনাৰ মূল কাৰণ। আজি বাগিচাখনত বিভিন্ন দল-সংগঠনৰ বিষয়ববীয়া উপস্থিত হৈ চৰকাৰৰ অমনোযোগিতা বা দায়িত্বজ্ঞানহীনতাৰ ফলশ্ৰুতিতেই এই মৰ্মান্তিক ঘটনা সংঘটিত হ'বলৈ পালে বুলি মত ব্যক্ত কৰে।
ইফালে আৱকাৰী বিভাগ আৰু প্ৰশাসনৰ বুজাবুজিতেই বিগত বহু দিন ধৰি চহৰখনৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত অবৈধ সুৰাৰ বেপাৰ চলি অহা বুলিও দাবী উত্থাপন কৰিছে স্থানীয় লোকে। ইতিমধ্যে ঘটনাস্থলীত গোলাঘাটৰ জিলা উপায়ুক্ত ধীৰেণ হাজৰিকা আৰু আৰক্ষী অধীক্ষক উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে অনতিপলমে তদন্ত কৰাৰ কথা ঘোষণা কৰিছে। আৰক্ষীয়ে ইতিমধ্যে সঞ্জু ওৰাং নামৰ মদ বিক্ৰেতা এজনক আটক কৰিছে যদিও উক্ত লোকজনকো সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। সমগ্ৰ ঘটনাৰ বুজ লৈ নিশাৰ ভাগলৈ নিহতৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে।
- Log in to post comments
- 49 views