ফুলনিত মাজুলী জিলা সাহিত্য সভাৰ গীতৰ কৰ্মশালা :

ফুলনিত মাজুলী জিলা সাহিত্য সভাৰ গীতৰ কৰ্মশালা :

ফুলনি উচ্চ মাধ্যমিক বিদ্যালয়ত যোৱা ২৬ আৰু ২৭ জুলাইত দুদিনীয়াকৈ মাজুলী জিলা সাহিত্য সভাৰ 'আকাশ' সমিতিৰ উদ্যোগত 'চিৰ চেনেহী মোৰ ভাষা জননী' আৰু অসমৰ জাতীয় সংগীত 'অ' মোৰ আপোনাৰ দেশ' গীত দুটিৰ কৰ্মশালা সম্পন্ন হৈ যায়| জিলা সাহিত্য সভাৰ সাংস্কৃতিক বিভাগৰ আহ্বায়ক তথা শ্ৰীমন্ত শংকৰদেৱ সংঘ, মাজুলী জিলা শাখাৰ সম্পাদক বিশ্বনাথ মেধিয়ে আঁতধৰা কৰমশালাখন উদ্বোধন কৰে মাজুলী জিলা কবি সন্মিলনৰ সম্পাদক তথা জনপ্ৰিয় আলোচনী 'মাজুলীত কবিতা'ৰ সম্পাদক জয়ন্ত হাজৰিকাই|

উদ্বোধনী ভাষণত হাজৰিকাই কয় যে বিশেষ বিষয়ৰ বিস্তাৰিত জ্ঞান আৰু সুক্ষ্ম পৰ্যবেক্ষণৰ বাবে সেই বিষয়ৰ কৰ্মশালা আৰু সঠিক আখৰাৰ অত্যন্ত প্ৰয়োজন| কৰ্মশালাই বিষয়-বস্তুৰ মাত্ৰা প্ৰদান কৰে আৰু শিকাৰুজনক সহজবোধ্য কৰি তোলে| মাজুলী জিলা সাহিত্য সভাই এই কৰ্মশালাৰ দ্বাৰা যথাৰ্থতে জাতীয় চেতনাত উদ্দীপনা জগাই তোলাৰ ক্ষেত্ৰত সফলকাম হৈছে|

ফুলনিত মাজুলী জিলা সাহিত্য সভাৰ গীতৰ কৰ্মশালা :

পৰ্যবেক্ষক হিচাপে অংশগ্ৰহণ কৰি মাজুলী জিলা সাহিত্য সভাৰ সম্পাদক তথা বিশিষ্ট সমাজ সংগঠক ৰমেশ চন্দ্ৰ শইকীয়াই কয় যে মাজুলীয়ানসকল বাহিৰৰ লোকৰ বাবে উৎসুকতাৰ বিষয়| সাহিত্য-সমাজ-সংস্কৃতি সকলো দিশতে মাজুলীৰ লোকসকল পাৰ্গত বুলি বহু লোকে ভাবে| এনে ক্ষেত্ৰত আমি সৰুৰে পৰা এয়া চৰ্চা আৰু অধ্যয়ন কৰিবই লাগিব| চিৰ চেনেহী মোৰ ভাষা জননী আৰু অ' মোৰ আপোনাৰ দেশ গীত দুটি আমাৰ প্ৰাণত থাকিব লাগিব|

সমল ব্যক্তি হিচাপে উপস্থিত থকা শংকৰী সংগীতৰ বিশাৰদ, সত্ৰীয়া নৃত্য বিশাৰদ, শাস্ত্ৰীয় সংগীতৰ সাধক, কলাভূমি মাজুলী সত্ৰীয়া সংগীত মহাবিদ্যালয়ৰ গায়নগুৰু ৰুণমণি শইকীয়াই কয় যে নৱপ্ৰজন্মৰ মাজত ভাষা-সাহিত্য প্ৰতিটো দিশ উন্মোচন কৰি দেখুওৱা অতি প্ৰয়োজন হৈ পৰিছে আৰু অসম সাহিত্য সভাই বিশেষভাৱে এই কৰ্মশালাৰ আয়োজন কৰি মহৎ কাৰ্য ৰূপায়ণ কৰিছে| মাজুলী জিলা সাহিত্য সভাৰ সভাপতি প্ৰভাত বৰা বুঢ়াভকতে বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি কয় যে আমাৰ মাতৃস্বৰূপা ভাষা জননীৰ সেৱাৰ বাবে সদায়ে সচেষ্ট হৈ থাকিব লাগিব|

চিৰ চেনেহী মোৰ ভাষা জননী| গতিকেই সকলোৰে মনত জাতীয়তাবোধ জগাই তোলাৰ বাবে অসম সাহিত্য সভাই বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে| কৰ্মশালাৰ দুয়োটা দিনৰ সঞ্চালক হিচাপে উপস্থিত থকা মাজুলী জিলা সাহিত্য সভাৰ কেন্দ্ৰীয় সদস্য তথা সমাজ সংগঠক প্ৰফুল্ল বৰুৱাদেৱে ভাষণত কয় যে অসমৰ সকলো অঞ্চলতে শাখাসমূহৰ সহযোগত সাহিত্য সভাই অসমৰ জাতীয় জীৱনৰ প্ৰতিফলন ঘটোৱা গীত দুটিৰ কৰ্মশালা অনুষ্ঠিত কৰি এহাতে যেনেদৰে জাতীয় ভঁৰাল চহকী কৰি তুলিছে তেনেদৰে সৰ্বসাধাৰণকো জাতীয় প্ৰেমেৰে উদ্বুদ্ধ কৰি তুলিছে|

ফুলনিত মাজুলী জিলা সাহিত্য সভাৰ গীতৰ কৰ্মশালা :

ফুলনি অঞ্চল আগৰে পৰা সংস্কৃতিৰ বিকাশত আগবঢ়া আৰু ইয়াতে কৰ্মশালাৰ আয়োজন কৰি সকলো লোককে অংশগ্ৰহণ কৰাই বৰ মহৎ প্ৰচেষ্টা গ্ৰহণ কৰিছে| উজনি মাজুলী শাখা সাহিত্য সভাৰ সভাপতি বিষ্ণুপ্ৰসাদ দেউৰীয়ে কৰ্মশালাত অংশগ্ৰহণ কৰা লোকসকলক ভূয়সী প্ৰশংসা কৰি কয় যে দুয়োটা দিনতে ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলে যি আগ্ৰহেৰে অংশগ্ৰহণ কৰি গীত দুটিৰ ঝংকাৰ তুলিবলৈ সক্ষম হৈছে৷

এয়া সঁচাকৈয়ে প্ৰশংসনীয়| ফুলনি শাখা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী অনিমা শইকীয়াই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি কয় যে সংগীত সাধনা সঁচা মানুহৰ শিল্পীমনৰ পৰিচায়ক| গভীৰ জাতীয়তাবাদৰ এই গীতে অসমীয়া জাতীয় জীৱন সমৃদ্ধ কৰি ৰাখিব|

তেওঁ আৰু কয় যে ছাত্ৰ-ছাত্ৰীসকলে গ্ৰন্থ অধ্যয়নৰ দিশত বিশেষ তৎপৰতা গ্ৰহণ কৰিব লাগিব, তেতিয়াহে সময়ত বৌদ্ধিক বিকাশ সাধন কৰিব পৰা যাব| শিক্ষয়িত্ৰী কৰুণা বৰা শইকীয়া, সমাজসেৱী আকাশজ্যোতি বৰা, লেখিকা-শিক্ষয়িত্ৰী কল্পনা দেৱী, ফুলনি শাখা লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা জুনু তামুলী, লেখিকা তথা সমাজসেৱী কৃষ্ণা মেধি, সংগীত শিল্পী পিংকী মেধি, পিংকুমণি বৰা, লক্ষ্মী বৰা গায়ন আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অন্যতম সেৱিকা-নেত্ৰী মৰমী খনিকৰ মেধিয়ে বক্তব্য আগবঢ়ায়|

লেখিকা, শিক্ষয়িত্ৰী পাৰুল বৰা মিলি আৰু কবি জয়ন্ত হাজৰিকাই কৰ্মশালাখন সাফল্যমণ্ডিত কৰি তোলাৰ বাবে ফুলনি অঞ্চলৰ লগতে ন-শিকাৰু ছাত্ৰ-ছাত্ৰী, অভিভাৱকসকল, সমল ব্যক্তিসকল, কৰ্মকৰ্তাসকল আৰু মাজুলী জিলা সাহিত্য সভাৰ 'আকাশ' সমিতিলৈ শলাগৰ শৰাই আগবঢ়ায়|

Your Comments