চিৰাং জিলাৰ বিজনী মহকুমাৰ সংবাদসেৱী সকলৰ উমৈহতীয়া অনুষ্ঠান বিজনী জাৰ্ণেলিষ্ট ফ'ৰামৰ ২৫সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণী অনুষ্ঠানৰ লগতে ফ'ৰামৰ দশম দ্বি-বাৰ্ষিক অধিৱেশন বুধবাৰে নিশা সামৰণি পৰে৷ ফ'ৰামৰ কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত এই অনুষ্ঠানৰ পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিজনী জাৰ্ণেলিষ্ট ফ'ৰামৰ সভাপতি সুনীল কুমাৰ শৰ্মাই৷ স্মৃতি তৰ্পণ কাৰ্যসূচী মুকলি কৰে ফ'ৰামৰ সাধাৰণ সম্পাদক কুঞ্জমোহন ৰায়ে৷ গছপুলি ৰোপণ কাৰ্যসূচী মুকলি কৰে ফ'ৰামৰ প্ৰতিষ্ঠাপক সভাপতি তথা উপদেষ্টা নৃপেন্দ্ৰ নাৰায়ণ দেৱ মিশ্ৰই৷
ইয়াৰ পাছত ফ'ৰামৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক তথা উপদেষ্টা কৰুণাকান্ত ৰায়ৰ পৌৰোহিত্যত অনুষ্ঠিত হয় 'মত বিনিময় আৰু সম্বৰ্ধনা অনুষ্ঠান'৷ এই অনুষ্ঠান বন্তি প্ৰজ্বলনেৰে উদ্বোধন কৰে মুখ্য অতিথিৰূপে উপস্থিত থকা বিজনীৰ বিধায়ক কমলসিং নাৰ্জাৰী আৰু পৰিষদীয় সদস্য গুণেশ্বৰ গয়াৰীয়ে৷ মত বিনিময় অনুষ্ঠানত অংশ লৈ মুখ্য অতিথি বিধায়ক কমলসিং নাৰ্জাৰীয়ে ভাষণত কয় যে তেওঁ বিধায়ক হোৱাৰ পূৰ্বে বিজনীৰ পৰা প্ৰকাশিত বড়ো ভাষাৰ প্ৰথম দৈনিক বড়োলেণ্ড ইংখং কাকতৰ স'তে জড়িত আছিল৷ গতিকে সংবাদকৰ্মীসকলে কেনেদৰে দিনে-নিশাই কাম কৰে তাক ব্যক্ত কৰে৷
তেওঁ বিজনী জাৰ্ণেলিষ্ট ফ'ৰামে পঁচিশটা বছৰ ঘাত-প্ৰতিঘাত অতিক্ৰমী ৰূপালী জয়ন্তী বৰ্ষৰ পালনৰ প্ৰস্তুতি সম্পৰ্কত সহযোগিতাৰ কথা ব্যক্ত কৰাৰ লগতে ফ'ৰামৰ কাৰ্যালয় গৃহ নিৰ্মাণৰ বাবে বিধায়ক পুঁজিৰ পৰা ৫ লাখ টকাৰ অনুদান প্ৰদানৰ কথা ঘোষণা কৰে৷ অনুষ্ঠানত চিৰাং জিলাৰ বাসুগাঁও চহৰৰ শিক্ষাবিদ, সমাজকৰ্মী, প্ৰবীণ সাংবাদিক অমৃত নাৰায়ণ পাটগিৰি আৰু সুপাৰীগুৰিৰ সংগীত শিল্পী পীতাম্বৰ ৰায়লৈ সম্বৰ্ধনা জনোৱা হয়৷ মত বিনিময় অনুষ্ঠানত ফ'ৰামৰ প্ৰতিষ্ঠাপক সভাপতি নৃপেন্দ্ৰ নাৰায়ণ দেৱমিশ্ৰই অনুষ্ঠানটো গঠনৰ প্ৰাসংগিকতা, ইতিহাস ব্যক্ত কৰে৷
একেদৰে বিটিচিৰ পৰিষদীয় সদস্য গুণেশ্বৰ গয়াৰী, চি আৰ পি এফৰ ১৫৬ নম্বৰ বেটেলিয়নৰ সহকাৰী কমাণ্ডেণ্ট আৰ এছ বিষ্ট, বিজনী শাখা সাহিত্য সভাৰ সভাপতি হৰিলাল বায়ন, চিৰাং জিলা প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক আবু বক্কৰ ছিদ্দিক, বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক প্ৰণৱ কুমাৰ ডেকা, আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক পাৰ্থজিত ৰায়ে বক্তব্য আগবঢ়ায়৷ অনুষ্ঠানত বিজনী প্ৰেছ ক্লাবৰ সভাপতি হেমেন শৰ্মা, বিজনী জিলা ক্ৰীড়া সন্থাৰ সভাপতি কুলজিৎ দাস, বিজনী নগৰ মহিলা সমিতিৰ সভানেত্ৰী কানন দাসসহ ভালেসংখ্যক লোক উপস্থিত থাকে৷
সন্ধিয়াৰ ভাগত বন্তি প্ৰজ্বলন কৰে বিজনী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শৈলেন দেউৰীয়ে৷ নিশাৰ ভাগত ফ'ৰামৰ সভাপতি সুনীল কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত দশম দ্বি-বাৰ্ষিক অধিৱেশনৰ সাধাৰণ সভাত কে'বাটাও প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে পুনৰাই সুনীল কুমাৰ শৰ্মাক সভাপতি, বিপুল কুমাৰ নাথক উপ-সভাপতি আৰু কুঞ্জমোহন ৰায়ক সাধাৰণ সম্পাদক হিচাপে লৈ মুঠ ১১জনীয়া সদস্যৰে কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হয়৷
- Log in to post comments
- 9 views