৭ বছৰে একে চকীত হোজাই জলসিঞ্চন বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা : দখলত আছে চৰকাৰী অতিথিশালা 

৭ বছৰে একে চকীত হোজাই জলসিঞ্চন বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা : দখলত আছে চৰকাৰী অতিথিশালা 

ডবকাৰ পৰা জমিৰ উদ্দিন তালুকদাৰ
  
শাসক দলৰ কোনো মন্ত্ৰী-বিধায়কৰ আশীষ অবিহনে এগৰাকী চৰকাৰী বিষয়াই একেলেঠাৰীয়ে একেটা বিভাগত ৭টাকৈ বছৰ চকী খামুচি বহি থাকিব নোৱাৰে ৷ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰত হোজাই জলসিঞ্চন বিভাগত কৰ্মৰত এগৰাকী সহকাৰী কাৰ্যবাহী অভিযন্তাই বিভাগটোত বিগত ৭টা বছৰ ধৰি চকী খামুচি বহি থকা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

বাতৰি অনুসৰি হোজাইৰ যমুনা জলসিঞ্চন এলেকা উন্নয়ন প্ৰকল্পত সহকাৰী কাৰ্যবাহী অভিযন্তাৰূপে কাম কৰি আছে অমিত দাস নামৰ এগৰাকী বিষয়াই ৷ সম্প্ৰতি বিভাগটোৰ হৰ্তা-কৰ্তা-বিধাতাৰ ৰূপত অমিত দাস ৷ বিগত ৭ বছৰ ধৰি যমুনা জলসিঞ্চন বিভাগত আছে এইগৰাকী বিষয়া ৷

বিভাগটোৰ বকলীয়া আৰু হোজাই সংমণ্ডল মিলি তেওঁ সাতটা বৰ্ষ পাৰ কৰিলে ৷ ৰজাৰ আশীৰ্বাদপুষ্ট এই গৰাকী বিষয়াৰ কিন্তু বদলি নহয় ৷ নিৰ্বাচনৰ সময়ত নিৰ্বাচনী বিধি অনুসৰি এটা বিভাগত ৩ বছৰ সেৱা আগবঢ়োৱা ৰাজপত্ৰিত বিষয়াক অন্যত্ৰ বদলি কৰা হয় ৷

কিন্তু এই গৰাকী বিষয়াক স্পৰ্শ নকৰে কোনো চৰকাৰী নীতি-নিয়মে ৷ নিৰ্বাচন আয়োগৰ চকুত নপৰে এইগৰাকী বিষয়া ৷ ফলত ৭ বছৰ ধৰি একেখন চকীত অনায়াসে চকী খামুচি থাকিব পাৰিছে অমিত দাস নামৰ বিষয়াগৰাকীয়ে ৷ কেৱল সেয়াই নহয়, এইগৰাকী বিষয়াৰ বিৰুদ্ধে আছে অজস্ৰ দুৰ্নীতিৰ অভিযোগ ৷ হোজাই জলসিঞ্চন বিভাগত সম্প্ৰতি কৰ্মৰত ক্ষেত্ৰ সহায়ক (এছ,এ) জনৈক নজমুল আলমৰ সৈতে জলসিঞ্চন বিভাগৰ চৰকাৰী আবন্টিত আঁচনিত উপ-ঠিকা কৰাৰো অভিযোগ পোৱা গৈছে ৷

বাতৰি অনুসৰি হোজাইৰ বিধায়ক শিলাদিত্য দেৱৰ ঘনিষ্ট ৰূপে পৰিচিত অমিত দাসে বিধায়ক এলেকা উন্নয়ন পুঁজিৰ আঁচনিতো কাম কৰে ৷ সেই সূত্ৰে স্থানীয় বিধায়কৰ সৈতে আছে ঘনিষ্ট সম্পৰ্ক ৷ এই ঘনিষ্টতাৰ সুযোগ গ্ৰহণ কৰি অমিত দাসে হোজাইস্থিত যমুনা জলসিঞ্চন প্ৰকল্পত থকা এটি চৰকাৰী অতিথিশালাৰ ভিআইপি কক্ষ দখল কৰি বহি আছে ৷

এই কক্ষটোৰ বাবে বিষয়াগৰাকীয়ে নিদিয়ে বিভাগক কোনো ধৰণৰ ভাৰা ৷ বিগত ৭ বছৰ ধৰি জলসিঞ্চন বিভাগৰ চৰকাৰী অতিথিশালাৰ এটি কক্ষ অমিত দাস নামৰ সহকাৰী কাৰ্যবাহী অভিযন্তাগৰাকীয়ে ব্যৱহাৰ কৰি অহাৰ পিছতো বিভাগে তেওঁলৈ ভাৰা আদায় দিবলৈ কোনো বিভাগীয় জাননী নিদিয়াত স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে ৷

মুঠতে হোজাই জলসিঞ্চন বিভাগত অৰাজক অৱস্থাৰ সৃষ্টি কৰাৰ আঁৰত আছে অমিত দাস নামৰ বিষয়াগৰাকী ৷ তাৰ পিছতো বিভাগে তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত সৰ্বত্ৰে ব্যাপক ক্ষোভৰ সৃষ্টি হৈছে ৷ ৭ বছৰ কাল একেৰাহে এটা বিভাগত কাম কৰা অমিত দাসৰ বদলীকৰণৰ বাবে জলসিঞ্চন বিভাগ, নিৰ্বাচন আয়োগৰ দৃষ্টি আকৰ্ষণ কৰিছে হোজাইৰ কৃষক ৰাইজে ৷

Your Comments