বাঢ়নী পানীত প্লাবিত ওৰাঙৰ বহু গাঁও

বাঢ়নী পানীত প্লাবিত ওৰাঙৰ বহু গাঁও

ওদালগুৰি জিলাৰ ওৰাঙৰ বিভিন্ন অঞ্চল পাগলা নৈ, ধনশ্ৰী নৈ, পাঁচনৈৰ বাঢ়নী পানীৰ কবলত পৰাৰ ফলত বহুকেইখন গাঁও প্লাবিত হৈ পৰিছে। দুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণ আৰু অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা নৈকেইখনৰ পানীৰ প্ৰবল সোঁতৰ ফলত এই গাঁওসমূহ বানৰ কবলত পৰে।

বাঢ়নী পানীত প্লাবিত ওৰাঙৰ বহু গাঁও

ফেনে-ফোটোকাৰে বাঢ়ি অহা পানীৰ ফলত ঘৰৰ ভিতৰত একাঁঠুলৈকে পানী উঠাত অঞ্চলবাসী ৰাইজ সমস্যাত পৰিছে। ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে থকা জামুগুৰি গাঁৱৰ ৰাইজে প্ৰতিবছৰে এইদৰে জীয়াতু ভুগিবলগা হয় বুলি অভিযোগ কৰাৰ লগতে চৰকাৰ তথা প্ৰশাসনৰ তৰফৰ পৰা  কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰে বুলিও আক্ষেপ প্ৰকাশ কৰে। বাঢ়নী পানীৰ সমান্তৰালকৈ গৰাখহনীয়াই নৈপৰীয়া অঞ্চলসমূহত ব্যাপক সমস্যাৰ সৃষ্টি কৰিছে।

a

Your Comments