কলিয়াবৰত ডঃ ভবেন্দ্ৰ নাথ শইকীয়াৰ ৮৭ সংখ্যক ওপজা দিন উদ্‌যাপন

kaliabor_bhadendra_

কলিয়াবৰত ডঃ ভবেন্দ্ৰ নাথ শইকীয়াৰ ৮৭ সংখ্যক ওপজা দিন উদযাপন৷ ডঃ ভবেন্দ্ৰনাথ শইকীয়া পুথিভঁড়ালত মহকুমা পুথিভঁড়াল পৰিচালনা সমিতিৰ ব্যৱস্থাপনাত সোঁৱৰণী সুমধুৰ আবেলি শীৰ্ষক এক অনুষ্ঠান আয়োজন কৰে। অনুষ্ঠানত অসম পুথিভঁড়াল বিভাগৰ সঞ্চালক ৰুমী গোস্বামীয়ে 'উন্মীলন' নামৰ এটি সাহিত্য-সাংস্কৃতিক অনুষ্ঠানৰ সদস্য-সদস্যাসকলৰ প্ৰচেষ্টাত প্ৰস্তুত কৰি উলিৱা 'অনুৰণ' প্ৰাচীৰ পত্ৰিকাখনৰ শুভ উদ্বোধন কৰে।

nagaon_bhadendra_saikia

সভাত কলিয়াবৰ মহকুমাৰ সহ: আয়ুক্ত ৰিংখাং মুছাহাৰী, কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি-সম্পাদক ক্ৰমে অৰবিন্দ বৰগোহাঞি, নবীন বৰঠাকুৰ, প্ৰাক্তন সভাপতি কুসুম বৰা, কলিয়াবৰ লেখিকা সমাৰোহৰ সভানেত্ৰী-সম্পাদিকা ক্ৰমে পুষ্পলতা বৰুৱা, সুবৰ্ণলতা মহন্ত, কলিয়াবৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ধীৰেন্দ্ৰনাথ হাজৰিকা, ফণি বৰা, ৰবীন বুঢ়াগোঁহাইকে ধৰি বহুকেগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

সভাত পুথিভঁড়াল পৰিচালনা সমিতিৰ সভাপতি প্ৰদীপ বৰুৱাই বক্তব্য ৰাখে। সভাৰ আৰম্ভনীতে ভূপেন হাজৰিকাৰ এটি দেশ প্ৰেমমূলক গীত অন্যনা বৰাই পৰিৱেশন কৰি পাকিস্তানৰ সন্ত্ৰাসবাদীৰ আক্ৰমনত পুলৱামাত নিহত হোৱা ছহিদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অনুষ্ঠানত শিশুসকলৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়। 

Your Comments