কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ
মুখ্য মন্ত্ৰীৰ কৃষি সা-সঁজুলি যোজনা আঁচনিখন ৰূপায়ণত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ অভিযোগত আজি কলিয়াবৰত মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ত তলা লগালে বিজেপিৰ কিষাণ মৰ্চাৰ সদস্যসকলে। কলিয়াবৰ বিধানসভা সমষ্টি ভিত্তিত প্ৰস্তুত কৰা মুখ্য মন্ত্ৰী কৃষি সা-সঁজুলি যোজনাৰ হিতাধিকাৰী তালিকাখন ৰাজনীতিকৰণ কৰাৰ অভিযোগ তুলি কাৰ্যালয়ৰ কৰ্মচাৰীক বাহিৰলৈ উলিয়াই কাৰ্যালয়টোত তলা লগাই দিয়ে বিজেপিৰ কিষাণ মৰ্চাই।
অগপ দলৰ পৃষ্ঠপোষকতাত দলীয় পৰ্যায়ত প্ৰস্তুত কৰা হিতাধিকাৰী তালিকাৰ পৰা বাদ পৰিছে সমষ্টিটোৰ প্ৰকৃত কৃষকসকল। এই অভিযোগ বিজেপিৰ কৃষক মৰ্চাৰ। ইফালে মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ত তলা লগোৱাৰ খবৰ আৰক্ষী আৰু মহকুমা প্ৰশাসনে লাভ কৰাত দণ্ডাধীশ অমৰজ্যোতি নাথ আৰু কলিয়াবৰ আৰক্ষী কৃষি বিভাগৰ কাৰ্যালয়ত উপস্থিত হৈ প্ৰতিবাদকাৰীৰ অভিযোগসমূহ সংশ্লিষ্ট সকলো শীৰ্ষ মহলক অৱগত কৰাৰ আশ্বাস দিয়ে।
কেৱল ৰাজনৈতিক মুনাফাৰ স্বাৰ্থত অগপ দলৰ কলিয়াবৰ জিলা সমিতিৰ ভূপেন বৰদলৈ, ধনমণি হাজৰিকা আৰু ৰেকিবুল হুছেইন নামৰ তিনি নেতাৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ। অগপৰ এই তিনি নেতাই কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰীক অন্ধকাৰত ৰাখি অতি গোপনে অগপৰ দলীয় কাৰ্যালয়ত প্ৰস্তুত কৰা এই ৫ হাজাৰটকীয়া হিতাধিকাৰী তালিকাক লৈ এতিয়া অগপ আৰু বিজেপি দলৰ মাজত আৰম্ভ হৈছে মুকলি সংঘাত।
মিত্ৰতাত থকাৰ সময়তে অগপ দলটিয়ে বিজেপি দলক বিশ্বাসত ন'লৈ কেৱল অগপই নিজৰ স্বাৰ্থত প্ৰস্তুত কৰা এই হিতাধিকাৰী তালিকাখনেই যেন কাল হ'ব অগপ দলৰ বাবে। কলিয়াবৰৰ বান ক্ষতিগ্ৰস্ত পৰিয়ালৰ হিতাধিকাৰী তালিকাই পঞ্চায়ত নিৰ্বাচনৰ সময়ত যেনেদৰে অগপ দলটিক ক্ষতি কৰিলে তাৰেই পুনৰাবৃত্তি হোৱাৰ আশংকা প্ৰবল হৈছে এতিয়া সমাগত লোকসভা নিৰ্বাচনত।
- Log in to post comments
- 110 views