'এসময়ত বিশ্ব মহাবীৰ চিলাৰায় আৰু মহাৰাজ নৰনাৰায়ণে গোটেই উত্তৰ-পূৰ্বাঞ্চলত এটা সুশাসনৰ ব্যৱস্থা কৰিছিল৷ কিন্তু আজি সেই সুশাসন দিব পৰা নাই৷ তাৰোপৰি পৰিতাপৰ বিষয় যে সেই উত্তৰপূ-ৰ্বাঞ্চলৰ অধিকাংশ লোকেই আজি শোষিত বুলি আৰু অন্যায়ভাৱে শাসিত হোৱা বুলি অনুভৱ কৰে৷ সেয়ে এই ক্ষেত্ৰত শাসকবৃন্দই গুৰুত্ব দিয়ক৷' এই মন্তব্য সদৌ অসম কোচ ৰাজবংশী যুৱ-ছাত্ৰ সন্মিলনীৰ সভাপতি ত্ৰৈলোক্য ৰায়ৰ৷ আজি বিশ্ব মহাবীৰ চিলাৰায়ৰ ৫০৯সংখ্যক জন্মজয়ন্তী উপলক্ষে সদৌ অসম কোচ ৰাজবংশী যুৱ-ছাত্ৰ সন্মিলনীৰ উদ্যোগত আৰু সংগঠনটোৰ বঙাইগাঁও জিলা সমিতিৰ সহযোগত বঙাইগাঁও গান্ধী ময়দানত উদ্যাপন কৰা চিলাৰায় দিৱসৰ অনুষ্ঠানত উপস্থিত থাকি সংগঠনটোৰ সভাপতিগৰাকীয়ে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে৷
সভাপতি ৰায়ে আৰু কয় যে বিশ্ব মহাবীৰ চিলাৰায় আৰু নৰনাৰায়ণৰ যি কমতাপুৰ ৰাজ্য, সেই কমতাপুৰ ৰাজ্য ভাঙি যোৱাৰ ফলত আজি তেখেতসকলৰ আদৰ্শ ধৰি ৰখাতো কিছু অসুবিধা হৈছে বুলি আমি অনুভৱ কৰো৷ গতিকে আমি আজিৰ দিনটোত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক আহ্বান জনাইছো যাতে অনতিপলমে কমতাপুৰ ৰাজ্য গঠন কৰা হয়৷ লগতে কয় যে আজি হৈছে সংকল্প লোৱাৰ দিন৷ কাৰণ আমাক শাসকীয় কেন্দ্ৰীয় চৰকাৰখনে জনজাতিকৰণৰ ক্ষেত্ৰত অন্যায় আৰু প্ৰতাৰণা কৰিলে৷ এই প্ৰতাৰণাৰ সমুচিত প্ৰত্যুত্তৰ আমি দলটোক নিশ্চয় দিম আৰু আমি আমাৰ আন্দোলন অধিক গতিশীল তথা জোৰদাৰভাৱে আগবঢ়াই লৈ যাম৷ আমি কমতাপুৰ আৰু জনজাতিকৰণৰ লক্ষ্যত যে স্থিৰ থাকিম সেয়া আজিৰ দিনটোত সংকল্পবদ্ধ হৈছো৷
উল্লেখ্য যে বঙাইগাঁও গান্ধী ময়দানত উদ্যাপন কৰা চিলাৰায় দিৱস উপলক্ষে পুৱা সদৌ অসম কোচ ৰাজবংশী যুৱ-ছাত্ৰ সন্মিলনীৰ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সংগঠনটোৰ সভাপতি ত্ৰৈলোক্য ৰায়ে৷ ইয়াৰ পিচতে ৫০৯সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদ্যাপন সমিতিৰ পতাকা উত্তোলন কৰে উদ্যাপন সমিতিৰ সভাপতি বিমল চন্দ্ৰ ৰায়ে৷ আনহাতে, বঙাইগাঁও জিলা যুৱ-ছাত্ৰ সন্মিলনীৰ সভাপতি হিতেশ সিংহই জিলা সমিতিৰ পতাকা আৰু জিলা সমিতিৰ উপদেষ্টা সুৰেশ ৰায়ে কোচ ৰাজবংশী সাংস্কৃতিক পতাকা উত্তোলন কৰে৷ ছহিদ তৰ্পণ কাৰ্যসূচী মুকলি কৰে সদৌ অসম কোচ ৰাজবংশী যুৱ-ছাত্ৰ সন্মিলনীৰ সাধাৰণ সম্পাদক ধৰ্মেন্দ্ৰ ৰায়ে আৰু বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা ত্ৰিদ্বীপপতি সিংহই৷
ইয়াৰ পিচতে অনুষ্ঠিত স্মৃতিগ্ৰন্থ উন্মোচন অনুষ্ঠানত বঙাইগাঁৱৰ জ্যেষ্ঠ সাংবাদিক সুজিৎ কুমাৰ ৰায়ে বিশ্ব মহাবীৰ চিলাৰায় দিৱস উপলক্ষে প্ৰকাশ কৰি উলিওৱা 'সংগ্ৰাম সিংহ' শীৰ্ষক স্মৃতিগ্ৰন্থখন উন্মোচন কৰে৷ স্মৃতিগ্ৰন্থখনৰ মুখ্য সম্পাদক নন্দলাল চৌধুৰী৷ অনুষ্ঠানত কোচ ৰাজবংশী যুৱ-ছাত্ৰ সন্মিলনীৰ সভাপতি ত্ৰৈলোক্য ৰায়ে সভাপতিৰ অভিভাষণ পাঠ কৰে৷ নিজৰ অভিভাষণত সভাপতিগৰাকীয়ে কয় যে আজিৰ পৰা ৫০৯ বছৰ আগতে জন্মগ্ৰহণ কৰা ৰজা বিশ্ব সিংহ আৰু ৰাণী পদ্মাৱতীৰ সন্তান শুক্লধ্বজে নিজৰ পৰাক্ৰমী গুণৰ বলত বিশ্ব মহাবীৰ চিলাৰায় ৰূপে বিশ্বব্যাপি খ্যাতি অৰ্জন কৰে৷ কোচ ৰাজবংশী জনগোষ্ঠীত জন্মগ্ৰহণ কৰা এই বিশ্বমহাৰীজনে উত্তৰ-পূৰ্বাঞ্চলৰ বেছিভাগ অঞ্চলৰ লগতে বৰ্তমান বাংলাদেশৰ এক বৃহৎ অংশৰ লগতে নেপাল আৰু ভূটানৰ কিছু অঞ্চলক নিজৰ অধীনলৈ আনি এক বৃহৎ সাম্ৰাজ্য গঠন কৰাৰ লগতে সু-শাসনৰ নজিৰ দেখুৱাই গৈছে৷ মহাৰাজ নৰনাৰায়ণ আছিল এই ৰাজ্যৰ সম্ৰাট আৰু বিশ্ব মহাবীৰ চিলাৰায় আছিল প্ৰধান মন্ত্ৰী আৰু প্ৰধান সেনাপতি৷
কিন্তু ১৬শ শতিকাৰ সেই সু-শাসনৰ সমকালীন কোচ ৰাজবংশী আৰু বৰ্তমান সমস্যাৰ সাগৰত ডুবি থকা কোচ ৰাজবংশীৰ অৱস্থাৰ পাৰ্থক্য বহুত৷ সংগঠনটোৰ সভাপতিগৰাকীয়ে অভিভাষণত লগতে জনগোষ্ঠীটোৰ জনজাতিকৰণৰ আন্দোলনৰ আৰম্ভনি, জনগোষ্ঠীটোক পূৰ্বে অধ্যাদেশৰ জৰিয়তে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা বিষয়, বিভিন্ন সময়ত ৰাজনৈতিক দল তথা চৰকাৰসমূহে দি অহা প্ৰতিশ্ৰুতি-আশ্বাস, কৰি অহা প্ৰতাৰণা-বঞ্চনা, একাংশই কৰি অহা জনজাতিকৰণৰ বিৰোধিতা আদি সন্দৰ্ভতো ক্ষোভ প্ৰকাশ কৰে৷ লগতে জনজাতিকৰণৰ মৰ্যাদা আৰু কমতাপুৰ ৰাজ্যৰ দাবীত দৃঢ় সংকল্পবদ্ধ বুলি উল্লেখ কৰি ইয়াৰ বাহিৰে কোচ ৰাজবংশীৰ সৰ্বাংগীণ উন্নয়ন অসম্ভৱ বুলিও কয়৷ চিলাৰায় দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি নাম-প্ৰসংগ আৰু সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হয়৷
সন্ধিয়া ৫০৯ গছি বন্তি প্ৰজ্বলন কৰা হয়৷ উদ্যাপন সমিতিৰ সাধাৰণ সম্পাদক জয়ন্ত সিংহই বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ আৰম্ভ কৰে৷ ইপিনে বঙাইগাঁও জিলা আক্ৰাছুৱে চহৰখনৰ ভাকাৰীভিটাস্থিত সংগঠনটোৰ কাৰ্যালয় প্ৰাংগণত বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদ্যাপন কৰে৷ চিলাৰায় দিৱস উপলক্ষে জিলা আক্ৰাছুৰ সভাপতি গোলাপ পাঠকে সংগঠনটোৰ পতাকা, আক্ৰাছুৰ উপ-সভাপতি ক্ষিতীশ বৰ্মনে চিলাৰায় সেনাৰ পতাকা, বঙাইগাঁও জিলা কোচ ৰাজবংশী মহিলা সমিতিৰ সভানেত্ৰী অঞ্জলী বৰুৱাই মহিলা সমিতিৰ পতাকা আৰু কোচ ৰাজবংশী জাতীয় মহাসভাৰ কাৰ্যকৰী সভাপতি নিৰ্মল কুমাৰ ৰায়ে জাতীয় সাংস্কৃতিক পতাকা উত্তোলন কৰে৷ ইয়াৰ পিচতে আক্ৰাছুৰ প্ৰাক্তন সভাপতি তথা কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ আনহাতে, ছহিদ তৰ্পণ কৰে জিলা আক্ৰাছুৰ সাধাৰণ সম্পাদক দিলীপ বৰুৱাই৷ ইপিনে চিলাৰায় দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি আক্ৰাছুৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায়ে সংবাদ মাধ্যমৰ আগত কয় যে বৰ্তমান কোচ ৰাজবংশীসকলৰ সংকটাপূৰ্ণ দিন৷ আজি কোচ ৰাজবংশীসকলে দীৰ্ঘদিন ধৰি পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবী উত্থাপন কৰি আহিছিলো৷
অনুৰূপভাৱে অসমৰ কোচ ৰাজবংশীসকলক অনুসূচিত জনজাতিকৰণৰ দাবী আমি উত্থাপন কৰিছিলো৷ কিন্তু পূৰ্বৰ কেন্দ্ৰ আৰু ৰাজ্যত অধিষ্ঠিত চৰকাৰে যিধৰণে কোচ ৰাজবংশীসকলক প্ৰতাৰণা কৰিলে, সেই একেদৰে বৰ্তমান কেন্দ্ৰ আৰু ৰাজ্যত অধিষ্ঠিত বিজেপি চৰকাৰখনেও কোচ ৰাজবংশীসকলক চৰমভাৱে প্ৰতাৰণা আৰু উপলুঙা কৰিলে৷ গতিকে আজি বিশ্ব মহাবীৰ চিলাৰায় দিৱসত আমি যিধৰণে আনন্দ কৰিব লাগিছিল বা যেনেধৰণে তেখেতক সন্মান কৰিব লাগিছিল আমি কৰিব পৰা নাই৷ আমাৰ যথেষ্ট বেদনা আছে৷ শাসনাধিষ্ঠিত চৰকাৰখনে যোৱা লোকসভাত জনজাতিকৰণৰ বিধেয়ক উত্থাপন কৰি আমাক জনজাতিৰ মৰ্যাদা দিব বুলি ক'লে৷ চৰকাৰে গ্ৰুপ অব্ মিনিষ্টাৰ গঠন কৰি আমাৰ মতামত ল'লে৷ কিন্তু দেখা গ'ল যে সংসদৰ অধিৱেশন শেষ হ'ল৷ নিৰ্বাচনৰ বাবে আৰু মাজতে মাত্ৰ এমাহ আছে৷
এই সময়ছোৱাত তেওঁলোকে জনগোষ্ঠীটোক জনজাতিকৰণ নকৰিলে৷ গতিকে এই চিলাৰায় দিৱসতে আমি সকলোৱে সংকল্পবদ্ধ হ'ব লাগিব যে প্ৰতাৰক চৰকাৰখনে কোচ ৰাজবংশীসকলক যিধৰণে প্ৰতাৰণা কৰিলে তাৰ আমি যোগ্য প্ৰত্যুত্তৰ দিব লাগিব৷ অন্যথা বিশ্ব মহাবীৰ চিলাৰায়ৰ কোচ ৰাজবংশী জনগোষ্ঠীক বিশ্বৰ দৰবাৰত এটা জাতি হিচাপে সাংস্কৃতিকভাৱে প্ৰতিষ্ঠা কৰাৰ যিটো উদ্দেশ্য আছিল তাত আমি সফল হ'ব নোৱাৰিম৷
গতিকে আমাক যিসকলে প্ৰতাৰণা কৰিলে, বঞ্চনা কৰিলে তেখেতসকলক আমি নিশ্চয় চৰম আৰু যোগ্য প্ৰত্যুত্তৰ দিব লাগিব আৰু আজি আমি এই বিশ্ব মহাবীৰ চিলাৰায় দিৱসত সকলো কোচ ৰাজবংশীয়ে এই সংকল্পকে গ্ৰহণ কৰিছো বুলি কয়৷ উল্লেখ্য যে চিলাৰায় দিৱসৰ দিনটোতো ন' কমতাপুৰ ন' ৰেষ্ট, ন' এছ টি ন' ৰেষ্ট, ইন কিলাব জিন্দাবাদ ধ্বনি দি আক্ৰাছুৱে কমতাপুৰ আৰু জনজাতিকৰণৰ দাবীত সংকল্পবদ্ধ হয়৷ ইপিনে বঙাইগাঁও নৰ্মাল স্কুলতো চিলাৰায় দিৱস উদ্যাপন কৰা হয়৷
- Log in to post comments
- 46 views