এন আৰ চিৰ চূড়ান্ত খচৰাত নাম নাহিল প্ৰাক্তন বিধায়ক পত্নী-জাতীয় সংগঠনৰ নেতাৰ 

nrc

বহু প্ৰতীক্ষিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সম্পূৰ্ণ খচৰা প্ৰকাশ হোৱাৰ পাছত ৰাজ্যখনৰ বিদেশী সমস্যাৰ ভয়াৱহতা উন্মোচিত হৈছে। ৪০ লাখতকৈও অধিক লোক খচৰাৰ পৰা বাদ পৰিছে। এই বাদ পৰাসকলৰ ভিতৰত কিছুসংখ্যক খিলঞ্জীয়া লোকো আছে বুলি জানিব পৰা গৈছে৷ অৱশ্যে মহামান্য উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ হস্তক্ষেপত চলি থকা এই প্ৰক্ৰিয়াৰ দাবী, আপত্তি আৰু সংশোধনীৰে তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ'ব। জানিব পৰামতে চেঙা সমষ্টিৰ প্ৰাক্তন বিধায়ক লিয়াকৎ আলী খানৰ পত্নী ৰুকিয়া বেগমৰ (৫১) নাম চূড়ান্ত খচৰাৰ পৰা বাদ পৰিছে।

স্নাতক ডিগ্ৰীধাৰী ৰুকিয়া বেগমৰ নাম বাদ পৰাত প্ৰতিক্ৰিযা প্ৰকাশ কৰি স্বামী তথা চেঙা সমষ্টিৰ প্ৰাক্তন বিধায়ক লিয়াকৎ আলী খানে এই ক্ষেত্ৰত কোনো শংকাৰ কাৰণ নাই বুলি কয়। এন আৰ চিৰ আবেদন-পত্ৰত পঞ্চায়ত সচিবৰ প্ৰমাণ-পত্ৰ দাখিল কৰাৰ বাবে এন আৰ চিৰ চূড়ান্ত খচৰাত পত্নীৰ নাম অন্তৰ্ভুক্ত নোহোৱাৰ সন্দেহ প্ৰকাশ কৰিছে চেঙা সমষ্টিৰ প্ৰাক্তন বিধায়ক লিয়াকত আলী খানে।

খানৰ চাৰিজনীয়া পৰিয়ালৰ ভিতৰত তিনিজনৰেই নাম চূড়ান্ত খচৰাত প্ৰকাশ পাইছে বুলি জানিব পৰা গৈছে। ইফালে সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ বৰপেটা জিলাৰ কাৰ্যকৰী সভাপতি ময়ূৰ আলীৰো (৪৩) নাম খচৰাৰ পৰা বাদ পৰিছে। ময়ূৰ আলীৰো চাৰিজনীয়া পৰিয়ালৰ ভিতৰত  তিনিজনৰ নাম অন্তৰ্ভুক্ত হৈছে চূড়ান্ত খচৰাত।

 এই ক্ষেত্ৰত ময়ূৰ আলীয়ে হতচকিত হয় যদিও ভয়ৰ কাৰণ নাই বুলি কৈ নিজৰ লগতে প্ৰতিজন খিলঞ্জীয়া লোকে দাবী, আপত্তি আৰু সংশোধনীৰ জৰিয়তে নাম অন্তৰ্ভুক্ত কৰি ল'ব পাৰিব বুলি উল্লেখ কৰে।

Your Comments