ছ'চিয়েল মিডিয়াত ভাৰতবিৰোধী পোষ্ট : দৰঙত এজন গ্ৰেপ্তাৰ

ছ'চিয়েল১মিডিয়াত১ভাৰতবিৰোধী১পোষ্ট ো১দৰঙত১এজন১গ্ৰেপ্তাৰ

কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ আত্মঘাতী আক্ৰমণৰ ঘটনাৰ পিছত ফেচবুকত ভাৰতবিৰোধী তথা পাকিস্তানৰ সমৰ্থনত পোষ্ট দিয়া মঙলদৈৰ হাফিজুৰ ৰহমান নামৰ যুৱকজনৰ বিৰুদ্ধে ৰুজু কৰা হৈছে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ। আজি দৰং আৰক্ষীয়ে যুৱকজনৰ বিৰুদ্ধে অভিযোগ পোৱাৰ পিছত ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত তেওঁক গ্ৰেপ্তাৰ কৰে।

ছ'চিয়েল১মিডিয়াত১ভাৰতবিৰোধী১পোষ্ট ো১দৰঙত১এজন১গ্ৰেপ্তাৰ

আদালতত হাজিৰ কৰোৱাৰ পিছতে আদালতে হাফিজুৰক জেইললৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে। হাফিজুৰ ৰহমান মঙলদৈ চহৰৰ ২নং ৱাৰ্ডৰ মনছুৰ আলীৰ পুত্ৰ। তেওঁ দশম শ্ৰেণী অনুত্তীৰ্ণ বুলি জানিব পৰা গৈছে। তেওঁৰ ফেচবুক একাউণ্টটোৰ নাম Sunny Alfatyd (১৯) বুলি পোৱা গৈছে।

ছ'চিয়েল১মিডিয়াত১ভাৰতবিৰোধী১পোষ্ট ো১দৰঙত১এজন১গ্ৰেপ্তাৰ

দশম শ্ৰেণীতে শিক্ষা সামৰা যুৱকজনে পাকিস্তানপ্ৰেমীয়ে দিয়া এটা পোষ্ট শ্বেয়াৰ কৰিছিল, য’ত থকা কিছুমান ছবি ৰাষ্ট্ৰৰ প্ৰতি অসন্মানজনক আছিল আৰু পাকিস্তানৰ প্ৰতি সমৰ্থনসূচক আছিল। আমি অভিযোগ পোৱাৰ পিছতে মঙলদৈ আৰক্ষী থানাত তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ অধীনত ১২৪(এ) ধাৰাত এটা গোচৰ ৰুজু কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

ছ'চিয়েল১মিডিয়াত১ভাৰতবিৰোধী১পোষ্ট ো১দৰঙত১এজন১গ্ৰেপ্তাৰ

ইপিনে দৰং আৰক্ষীয়ে ছ’চিয়েল মিডিয়াৰ ওপৰত কঢ়া নজৰ ৰখা বুলি জানিব পৰা গৈছে।

Your Comments