নুমলীগড় তেল শোধনাগাৰৰ হস্তী কৰিড'ৰৰ পকী দেৱাল ভঙাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

নুমলীগড় তেল শোধনাগাৰৰ হস্তী কৰিড'ৰৰ পকী দেৱাল ভঙাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন

দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে অহা ৭ দিনৰ ভিতৰত নমলীগড়স্থিত তেল শোধনাগাৰে বন্যহস্তী অহা-যোৱা কৰা বাটত বাধাৰ সৃষ্টি কৰি নিৰ্মাণ কৰা পকী দেৱাল ভঙাৰ নিৰ্দেশ জাৰি কৰিছে। ৰোহিত চৌধুৰী নামৰ এজন ব্যক্তিয়ে বন্যহস্তীৰ পৰিভ্ৰমণত বাধাৰ সৃষ্টি কৰা শোধনাগাৰ কৰ্তৃপক্ষৰ এনে প্ৰকৃতিবিৰোধী কাৰ্যৰ বিৰোধিতা কৰি ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণত অভিযোগ দাখিল কৰিছিল। অভিযোগমৰ্মে হস্তী কৰিড'ৰৰ কিছু অংশ ভঙা হৈছিল যদিও শোধনাগাৰ কৰ্তৃপক্ষই উচ্চ ন্যায়ালয়ৰ কাষ চাপে। অৱশ্যে মাননীয় ন্যায়ালয়ে প্ৰাধিকৰণৰ নিৰ্দেশ বাহাল ৰখাৰ সপক্ষে ৰায় দিয়াত,  পুনৰ শোধনাগাৰ কৰ্তৃপক্ষই উচ্চতম ন্যায়ালয়ৰ কাষ চাপে।

১৮ জানুৱাৰীত উচ্চতম ন্যায়ালয়ে শোধনাগাৰ কৰ্তৃপক্ষৰ আপীলক আওকাণ কৰি বাকী ৰৈ যোৱা সমগ্ৰ পকী দেৱালসমূহ ৭ দিনৰ ভিতৰত পুনৰ ভাঙি পেলোৱাৰ নিৰ্দেশহে জাৰি কৰে। সেই নিৰ্দেশমৰ্মে গোলাঘাট জিলা প্ৰশাসনে শোধনাগাৰ কৰ্তৃপক্ষক নিৰ্ধাৰিত ৭ দিন সময় বান্ধি দি এক জাননী জাৰি কৰিছে। উল্লেখ্য যে যদিহে ২২ ফেব্ৰুৱাৰীৰ ভিতৰত শোধনাগাৰ কৰ্তৃপক্ষই ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰে, তেনে ক্ষেত্ৰত জিলা প্ৰশাসনে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে।

Your Comments