কলিয়াবৰত সৰ্বশিক্ষা অভিযানৰ উদ্যোগত শিশু সমাৰোহ

কলিয়াবৰত সৰ্বশিক্ষা অভিযানৰ উদ্যোগত শিশু সমাৰোহ

কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ

অসম সৰ্বশিক্ষা অভিযানৰ নগাঁও জিলা কাৰ্যালয়ৰ ব্যৱস্থাপনাত আৰু কলিয়াবৰ শিক্ষা খণ্ডৰ  সৌজন্যত কলিয়াবৰৰ হাটবৰত আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় শিশু সমাৰোহ, ২০১৯। নগাঁও জিলাৰ ৮৯টা ইটাভাতাত নিয়োজিত হৈ থকা শ্ৰমিকসকলৰ  ৪০০ শিশুৱে অংশগ্ৰহণ কৰে এই শিশু সমাৰোহত।

কলিয়াবৰত সৰ্বশিক্ষা অভিযানৰ উদ্যোগত শিশু সমাৰোহ

পুৱা শিশু সমাৰোহৰ আনুষ্ঠানিক পতাকা উত্তোলন কৰে কলিয়াবৰৰ অতিৰিক্ত আয়ুক্ত তথা ভাৰপ্ৰাপ্ত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ৰিংখাং মুছাহাৰীয়ে। প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰে মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসে।

কলিয়াবৰত সৰ্বশিক্ষা অভিযানৰ উদ্যোগত শিশু সমাৰোহ

প্ৰব্ৰজনকাৰী শিশুসকলৰ শাৰীৰিক আৰু মানসিক তথা বৌদ্ধিক বিকাশৰ উদ্দেশ্যে আয়োজন কৰা এই শিশু সমাৰোহত বিভিন্ন খেল-ধেমালি, চিত্ৰাংকন প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।

Your Comments