তামুলপুৰত বিধ্বস্ত দলঙেৰে মূল্যৰ বিনিময়ত যাতায়াত

 তামুলপুৰত বিধ্বস্ত দলঙেৰে মূল্যৰ বিনময়ত যাতায়াত

এখন বাঁহৰ দলঙে যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভোগাইছে তামুলপুৰ মহকুমাৰ লগতে বাক্সা জিলাৰ জনসাধাৰণক৷কিয়নো বাঁহৰ দলংখনেৰে পথটো পাৰ হ’বলৈ ভৰিব লাগে জেপৰ ধন৷বাইকত বিছ টকা আৰু চাইকেলত দহ টকা ভৰিব লাগে যাতায়াতৰ নামত৷ এই দলংখন হৈছে তামূলপুৰ-ধমধমা পথৰ ওপৰত থকা বাঁহৰ দলংখন। এইখন বাঁহৰ দলঙে উদঙাইছে বিটিচিত হাগ্ৰামা মহিলাৰীৰ উন্নয়নৰ প্ৰকৃত ছবি৷

বাক্সা জিলাৰ বৰমা আৰু তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত তামুলপুৰ-ধমধমা সংযোগী গড়কাপ্তানী পথৰ জাৰতালুকত আছে এইখন বাঁহৰ দলং৷ যিখন বাঁহৰ দলঙেৰে যাতায়াত কৰিলে খৰচ হয় জেপৰ ধন৷ জানিব পৰামতে ভূটান সীমান্তৰ পৰা বৈ অহা পাগলাদিয়া নদীৰ বাঢ়নী পানীয়ে বিগত ২০১২ চনত পথটো ছিঙি পেলোৱাৰ পিছত আজিলৈকে পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত কোনোৱে গুৰুত্ব প্ৰদান নকৰিলে৷ ফলত স্থানীয় কেইজনমান লোকে নিজৰ জেপৰ ধন খৰচ কৰি এখন বাঁহৰ দলং নিৰ্মাণ কৰি যাতায়াতৰ ব্যৱস্থা কৰি দিয়ে৷

bihpuria

ইয়াৰ বিনিময়ত দলংখন পাৰহোৱা যাত্ৰীয়ে ভৰিব লাগে মূল্য৷উল্লেখ্য যে বিগত বৰ্ষত বিটিচি পৰিষদে নদীৰ বাঢ়নী পানীয়ে উটুৱাই নিয়া পথছোৱা নিৰ্মাণৰ বাবে কাম আৰম্ভ কৰিছিল যদিও অতি নিম্নমানৰ কাম কৰাৰ বাবে পুনৰ পথছোৱা নদীৰ বাঢ়নী পানীয়ে উটুৱাই লৈ যায়৷ যাৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোৰ ৰাইজে বছৰ বছৰ ধৰি জীয়াতু ভুগি আহিছে ৷

Your Comments