সোণাৰিৰ পৰা ঘন বৰা
চৰাইদেউ জিলাৰ উপায়ুক্তৰ সভাকক্ষত সাতগৰাকী নৱনিৰ্বাচিত সদস্যই শপত গ্ৰহণ কৰে। জিলা পৰিষদৰ সভানেত্ৰী আসনত বহিল ৰাঙলী জিলা পৰিষদৰ সদস্যা বন্তি কোঁৱৰ আৰু উপ-সভাপতি পদত সাপেখাতী জিলা পৰিষদৰ সদস্য দিগন্ত ৰাজকোঁৱৰ।
অন্যহাতে, বৰুৱাচালি জিলা পৰিষদৰ সদস্যা পূৰবী দুৱৰা গগৈ, অভয়পুৰৰ ৰাজ নায়ক, সোণাৰিৰ জিনু কোঁৱৰ, মাহমৰাৰ ৰাখাল চন্দ্ৰ কুমাৰ আৰু চৰাইদেউৰ মুনুমণি গগৈক আজি উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰোৱাই উপায়ুক্ত দীপক কুমাৰ সন্দিকৈয়ে৷
সভাকক্ষত উপস্থিত থাকে মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহন আৰু ৰাজ্যিক সদস্য অনুপ সিং ৰাজপুৰোহিত। শপত গ্ৰহণৰ অন্তত উপায়ুক্তগৰাকীয়ে চৰকাৰী নীতি-নিয়ম অনুসৰি উন্নয়নৰ দিশত গুৰুত্ব দিবৰ বাবে আহবান জনোৱাৰ লগতে জিলা প্ৰশাসনৰ লগত একগোট হৈ কাম কৰিবলৈ পৰামৰ্শ দিয়ে।
- Log in to post comments
- 16 views