বিহপুৰীয়া সমষ্টিৰ উন্নয়নৰ নমুনা : একাঁঠু বোকাৰে বিদ্ধস্ত পথ

বিহপুৰীয়া সমষ্টিৰ উন্নয়নৰ নমুনা : একাঁঠু বোকাৰে বিদ্ধস্ত পথ

লখিমপুৰ জিলাৰ নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত পূব নাৰায়ণপুৰ গাঁও পঞ্চায়তৰ এটা বিধ্বস্ত পথে জ্বলা-কলা খুৱাইছে নাৰায়ণপুৰৰ একাংশ জনতাক। প্ৰায় তিনি কিলোমিটাৰ পৰ্যন্ত একাঁঠু বোকা গচকি দৈনিক সহস্ৰাধিক লোকে অহা-যোৱা কৰিবলগা হৈছে উক্ত বিধ্বস্ত পথটোৰে। পথাৰৰ বোকাসদৃশ পথটোৰ দুৰৱস্থাৰ বাবে বৃহত্তৰ  অঞ্চলটোত প্ৰৱেশ কৰিব নোৱাৰা হৈছে চাইকেলৰ পৰা আৰম্ভ কৰি চাৰিচকীয়া পৰ্যন্ত কোনো যান-বাহন।ফলত যমৰ যাতনা ভোগ কৰিবলগা হৈছে বৃহত্তৰ অঞ্চলটোৰ হাজাৰ হাজাৰ জনতাই। মাধৱদেৱ কলেজ তিনিআলিৰ পৰা বদতিঘাট সংযোগী গড়কাপ্টানী পথৰ ৰাইদঙীয়াৰ পৰা নুনিবাৰী-চকিয়াল হৈ মাজুলী সংযোগী এইটো এটা অতি ব্যস্ত পথ।

মাজুলী জিলাৰ মিছামৰা, চেঙেলীসুঁতি, চেৰপাখোৱা, ডিক্ৰংমুখ, গোপালচুক, ধেনুচাপৰিকে ধৰি প্ৰায় ২০-২৫খন গাঁৱৰ ৰাইজৰ বাবে এই পথটোৱেই একমাত্ৰ যোগাযোগৰ মাধ্যম। চৰকাৰ-প্ৰশাসনৰ সু-দৃষ্টি নপৰা এই পথটোৰে যাতায়াতৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভূগিবলগা হৈছে অঞ্চলটোৰ ৰাইজে। দুৰ্ভাগ্যজনক কথা যে অঞ্চলটোত বৰ্তমান কে’বাগৰাকীও সন্তান সম্ভৱা মহিলা থকাত অধিক চিন্তিত হৈ পৰিছে লোকসকল।

সম্প্ৰতি পথটোৰে যাতায়াত বন্ধ হৈ পৰাৰ উপক্ৰম হোৱাত ৰাইজে নিজৰ গাঁথিৰ ধন ভাঙি শিল-বালি পেলাই যাতায়াতৰ উপযোগী কৰিব খুজিছে যদিও সেয়া এপাচি শাকত এটা জলকীয়া সদৃশহে হোৱা দেখা গৈছে। উল্লেখ্য যে উক্ত পথটোৰ উন্নতিৰ বাবে পূব নাৰায়ণপুৰ গাঁও পঞ্চায়তৰ পৰা মাজে-সময়ে দুই-এখন আঁচনিৰ অনুমোদন দিয়া হৈছিল যদিও সামান্য কাম কৰিয়েই দায়িত্ব সামৰিলে ঠিকাদাৰে।

কেৱল নিৰ্বাচনৰ সময়তহে স্থানীয় বিধায়কগৰাকীৰ লগতে সাংসদগৰাকীৰ মুখ দেখিবলৈ পোৱা অঞ্চলটোৰ ৰাইজে পথটো যাতায়াতৰ ক্ষেত্ৰত সুচল কৰি তুলিবৰ বাবে চৰকাৰ তথা প্ৰশাসনৰ ওচৰত দাবী জনাইছে।

Your Comments