মিচিং জনগোষ্ঠীসকলৰ জাতীয় উৎসৱ আলি আয়ে লৃগাং নগাঁৱতো মিচিং লোকসকলে উৎযাপনৰ ব্যাপক প্ৰস্তুতি চলাইছে। নগাঁৱৰ হোজাইত আলি আয়ে লৃগাং উৎসৱ উদযাপনৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ২৪ ফেব্ৰুৱাৰীত দিনযোৰা কাৰ্যসূচীৰে নগাঁৱৰ বৰঘাট বাইপাছত উৎপাদনৰ দিহা কৰিছে। সেইদিনা পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হ‘ব লগা এই অনুষ্ঠানত নগাঁও জিলাৰ উপায়ুক্ত যাদৱ শইকীয়া, বিধায়ক ৰূপক শৰ্মা, আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিকে ধৰি কেইবাগৰাকী বিশিষ্ট লোকে অংশগ্ৰহণ কৰিব।
নগাঁও আৰু হোজাই জিলাত বসবাস কৰা মিচিং লোকসকলৰ উপস্থিত হ‘ব লগা এই অনুষ্ঠানৰ মূল আকৰ্ষণ হ'ল জোনাইৰ মিচিং লোক নৃত্যৰ সাংস্কৃতিক দলৰ নৃত্য পদৰ্শন। ২০ ফেব্ৰুৱাৰী বুধবাৰে এই উৎসৱৰ মাংগলিক অনুষ্ঠান অনুষ্ঠিত হ'ব। এই উৎসৱ সফল কৰি তুলিবলৈ উদযাপন সমিতিৰ হৈ অধ্যাপক সদানন্দ পায়েঙে আহ্বান জনাইছে।
- Log in to post comments
- 23 views