নাহৰকটীয়াৰ পৰা সমীৰণ বৰুৱা
নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক, প্ৰবীণ ক্ৰীড়া সংগঠক মেঘনাথ গগৈৰ
আজি পুৱা প্ৰায় ৫ বজাত নিজ বাসগৃহত দেহাৱসান ঘটে৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৯৬ বছৰ৷ চাচনীৰ নামনি খাটোৱাত জন্মগ্ৰহণ কৰা মেঘনাথ গগৈয়ে ১৯৪৯ চনত নৰ্মাল পাছ কৰি নগা পাহাৰৰ অতিৰিক্ত বিদ্যালয় পৰিদৰ্শকৰূপে কিছুদিন কাম কৰি কঁঠালগুৰি হাইস্কুল স্থাপনত সহযোগ কৰে৷ ১৯৫০ চনত নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোগদান কৰি চাকৰিৰ কালছোৱাতে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়৷
১৯৮৯ চনৰ ফেব্ৰুৱাৰী মাহত অৱসৰ গ্ৰহণ কৰা সৰ্বজনপ্ৰিয় "মেঘ ছাৰ" এগৰাকী শিক্ষক হোৱাৰ উপৰি খেলা-ধূলাতো সমানেই আগ্ৰহী আছিল৷ তেওঁ জ্যেষ্ঠ এথলেটিকছত অসম দলক প্ৰতিনিধিত্ব কৰাৰ লগতে নাহৰকটীয়া ক্ৰীড়া সন্থাৰ যুটীয়া সম্পাদক হিচাপে কৰ্মৰত আছিল৷ মেঘনাথ গগৈৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে আত্মীয়-স্বজন তথা গুণমুগ্ধ লোকেৰে লোকাৰণ্য হৈ পৰে আমোলাপট্টিস্থিত তেখেতৰ নিজা বাসগৃহ৷
তেখেতৰ নশ্বৰ দেহ নাহৰকটীয়া ক্ৰীড়া সন্থাৰ ষ্টেডিয়ামলৈ নি ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক পলাশ কোঁৱৰকে আৰম্ভ কৰি আন আন বিষয়ববীয়া, খেলুৱৈ আদিয়ে শেষ শ্ৰদ্ধা নিবেদন কৰে৷ ইয়াৰ পাছতে এসময়ৰ কৰ্মস্থলী নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ নিয়ে আৰু বৰ্তমানৰ অধ্যক্ষ তৰংগ কল্লোল শইকীয়া, প্ৰাক্তন অধ্যক্ষ ৰাম ৰাজকোঁৱৰ, নৰেণ শৰ্মা আদিকে ধৰি শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰীকে আদি কৰি যথেষ্ট লোকে শেষ শ্ৰদ্ধা নিবেদন কৰে৷ নামৰূপ পেট্ৰ’-কেমিকেলছৰ উপাধ্যক্ষ বিকুল ডেকায়েও তেখেতলৈ শেষ শ্ৰদ্ধা জনায়৷
তেওঁৰ মৃত্যুত চাচনী শাখা সাহিত্য সভা, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিষয়ববীয়া, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থা, জ্যেষ্ঠ নাগৰিক সমিতিকে ধৰি নাহৰকটীয়া ৰাজহুৱা নামঘৰৰ তৰফৰ পৰাও গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে৷ শেষত নাহৰকটীয়া ৰাজহুৱা শ্মশানত ডেৰ শতাধিক লোকৰ উপস্থিতিত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়৷
- Log in to post comments
- 15 views